
উত্তৰ-পূৰ্বাঞ্চল বাৰ কাউঞ্চিলৰ সিদ্ধান্ত মৰ্মে সদৌ অসম উকীল সন্থাৰ আহ্বানত বৃহস্পতিবাৰে ধৰ্মঘটত বহিব উকীল সমাজ। এক ঘণ্টাৰ বাবে সমগ্ৰ ৰাজ্য আদালতৰ চৌহদত ক’ভিডৰ নিৰ্দেশনা পালন কৰি সাব্যস্ত কৰিব ধৰ্মঘট। এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিলে উত্তৰ-পূৰ্বাঞ্চলৰ বাৰ কাউন্সিলৰ অধ্যক্ষ এইচ আৰ এ চৌধুৰীয়ে।
গুৱাহাটী সদৌ অসম উকীল সন্থাৰ কাৰ্যালয়ত বুধবাৰে সম্বোধন কৰা সংবাদমেলত অধ্যক্ষ গৰাকীয়ে কয়- উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহেও ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
উল্লেখ যে অসমৰ মুঠ ৫৩খন বাৰে বিভিন্ন জিলাত পালন কৰিব ধৰ্মঘট কাৰ্যসূচী-এই কথা প্ৰকাশ কৰে সদৌ অসম উকীল সন্থাৰ সাধাৰণ সম্পাদক দীপক কুমাৰ দাসে।
তিনিদফীয়া দাবী লৈ সাব্যস্ত কৰিব ধর্মঘট কাৰ্যসূচী। তেওঁলোকৰ দাবীসমূহ হৈছে- আদালতত নিয়মিয়া কাম-কাজ প্ৰৱৰ্তন কৰা। পূৰ্ব আদালতৰ পৰম্পৰা অটুট ৰখা। বন্ধ কৰি ৰখা উকীল সন্থাৰ কাৰ্যালয় আৰু লাইব্ৰেৰী খুলি দিয়া।












