
নগাঁও : নগাঁও জিলাত জনসাধাৰণৰ সচেতনতাৰ অভাৱেই এতিয়া কাল হৈ পৰিছে । কৰ’না ভাইৰাছৰ সংক্ৰমণলৈ ভয় নকৰি এচাম লোকে চৰম উৰ্ধতালিৰে স্বাস্থ্য বিধি উলংঘা কৰাৰ পৰিপ্ৰেক্ষিতত নগাওঁ জিলাত কৰ’না ভাইৰাছৰ গণ সংক্ৰমণে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। অতি চিন্তনীয়ভাৱে জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। আজিৰ দিনটোত জিলাখনত সৰ্বাধিক ৩০২ জন লোক কৰ’নাত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে।
ইয়াকে লৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ৪০৩৬ জনলৈ বৃদ্ধি পোৱা বুলি নগাঁও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জানিবলৈ দিয়ে। আজিৰ দিনটোত কৰ’নাত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য বিভাগে নিশ্চিত কৰা সকলৰ ভিতৰৰ ৩০০ জনক ৰেপিড এন্টিজেন টেষ্টৰ জৰিয়তে আৰু দুজনক আৰ টি পি চি আৰ টেষ্টৰ জৰিয়তে কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হয়।
স্মৰ্তব্য যে, আজিৰ দিনটোত ৬৪৭৪ জন লোকৰ ৰেপিড এন্টিজেন টেষ্ট সম্পন্ন কৰা হয়।












