![]()
নিউজ ডেস্ক:
আমেৰিকালৈ যোৱা নহ’ব সঞ্জয় দত্তৰ। মার্কিন চৰকাৰে তেওঁক ভিছা দিবলৈ প্রস্তুত নহয়। ১৯৯৩ চনত মুম্বাই বিস্ফোৰণত তেওঁৰ বিৰুদ্ধে যুক্ত থকাৰ অভিযোগৰ বাবেই ভিছা পোৱাৰ ক্ষেত্রত বাধাৰ সৃষ্টি হ’ল।
অৱশ্যে এই গোচৰত গ্ৰেপ্তাৰ হৈ দুবাৰকৈ জেল খাটাৰ পিছত গোচৰৰ পৰা ৰেহাইও পাইছিল তেওঁ। কিন্তু আমেৰিকাই তেওঁলোকৰ দেশৰ আইন অনুযায়ী ভিছা মঞ্জুৰ কৰিবলৈ ৰাজী হোৱা নাই।
কেন্সাৰ ধৰা পৰাৰ পিছত সিদ্ধান্ত হৈছিল আমেৰিকাৰ কেটেৰিং কেন্সাৰ চেণ্টাৰত গৈ চিকিৎসা কৰিব সঞ্জয় দত্তই। তাতেই তেওঁৰ মাতৃ নার্গিছ দত্তৰ চিকিৎসা হৈছিল। কিন্তু অনুমতি নোপোৱাত এতিয়া বিকল্প হিচাবে চিংগাপুৰলৈ যোৱাৰ সিদ্ধান্ত লৈছে সঞ্জয় দত্তই।










