![]()
নিউজ ডেস্কঃ
কংগ্রেছ শিবিৰত ‘পুনর্মিলন’ৰ ফলত ৰাজস্থানত বিজেপিৰ ক্ষমতা দখলৰ সম্ভাৱনা কার্যত শেষ যদিও এই পৰিস্থিতিত ৰাজ্য বিধানসভাৰ অধিবেশনত গেহলট চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ আনিনলৈ আগবাঢ়িছে ৰাজ্যৰ প্রধান বিৰোধী দলটোৱে।
আজি বিজেপি বিধায়িনী দলৰ বৈঠকৰ পিছত ৰাজস্থান বিধানসভাৰ বিৰোধী দলনেতা গুলাবচন্দ কঠেৰিয়াই এই সিদ্ধান্তৰ কথা ঘোষণা কৰিছে। প্রাক্তন মুখ্যমন্ত্রী বসুন্ধৰা ৰাজেও উপস্থিত আছিল বৈঠকত। ৰাজ্যিক বিজেপিৰ নেতৃবৃন্দৰ একাংশৰ দাবী, যদি বিক্ষুব্ধ কংগ্রেছ বিধায়কসকলৰ কেইজনমানেও চৰকাৰৰ বিৰুদ্ধে ভোট দিয়ে সেইটোৱেই হ’ব ‘নৈতিক জয়’।
উল্লেখ্য, কংগ্রেছ হাইকমাণ্ডৰ হস্তক্ষেপত ‘বিদ্রোহ’ত ইতি টনাৰ পিছত বৃহস্পতিবাৰে জয়পুৰত মুখ্যমন্ত্রী গেহলটৰ মুখামুখী হয় শচীন পাইলট। আজি বিয়লি গেহলটৰ ঘৰতে কংগ্রেছ বিধায়কসকলৰ এই বৈঠকত একেলগে দেখা গ’ল দুয়োজনকে।










