
ক’ভিড-১৯ সংক্ৰমণ ৰোধ কৰাৰ ফলত অন্যান্য খণ্ডৰ লগতে স্থবিৰ হৈ আছে ন্যায় ব্যৱস্থা৷ দীৰ্ঘ দিন ধৰি ন্যায় ব্যৱস্থাটো বন্ধ হৈ থকাত ৰাজ্যৰ অধিবক্তাসকলৰ ধৈৰ্যৰ বান্ধ ছিঙিছে৷ বৃহস্পতিবাৰে হোজাই উকিল সন্থাই ন্যায় ব্যৱস্থা বন্ধ হৈ থকাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ক’ভিড-১৯ ৰোধৰ নামত বন্ধ হৈ থকা বাৰ এছ’ছিয়েচন মুকলি কৰিবলৈ অধিবক্তাসকলে দাবী জনোৱাৰ লগতে পূৰ্বৰ দৰে ন্যায়ালয়ৰ কাম-কাজ আৰম্ভ কৰাৰ দাবী জনায় ৷
অধিবক্তাসকলে “য়ুই ডিমাণ্ড ফিজিকেল ক’ট” শ্ল’গানেৰে হোজাই বাৰ এছ’ছিয়েচনৰ সন্মুখত হাতে হাতে প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদৰ পাছতে শংকৰদেৱ নগৰৰ অতিৰিক্ত জিলা সত্ৰ ন্যায়াধীশ এন এছ দেউৰীৰ জৰিয়তে উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে অধিবক্তাসকলে৷












