![]()
নিউজ ডেস্কঃ
নিজৰ ৰাজনৈতিক কেৰিয়াৰত আন এক মাইলৰ খুঁটিত উপনীত হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী৷ আজি তেওঁ অনা-কংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে সৰ্বাধিক সময় দেশৰ শাসনভাৰ চলোৱাৰ অনন্য কৃতিত্বৰ ৰেকৰ্ড সৃষ্টি কৰে৷ ৬৭ বছৰীয়া মোডীয়ে অটল বিহাৰী বাজপেয়ীৰ সৰ্বাধিক সময় অন-কংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে দেশ চলোৱা ২,২৬৮ দিনৰ ৰেকৰ্ড ভংগ কৰে৷
আনহাতে, আজি মোডী দেশৰ সুদীৰ্ঘ সময় প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা চতুৰ্থজন প্ৰধামন্ত্ৰী হিচাপেও পৰিগণিত হয়৷ উল্লেখ্য যে ১৬ বছৰ ২৬৮ দিন প্ৰধানমন্ত্ৰিত্বৰ আসন দখল কৰা জৱাহৰলাল নেহৰু বৰ্তমানো দেশৰ সুদীৰ্ঘ সময় কাৰ্যনিৰ্বাহ কৰা প্ৰধানমন্ত্ৰী৷ ইয়াৰ পিছতে ইন্দিৰা গান্ধীয়ে ১১ বছৰ ৫৯ দিন দেশ শাসন কৰি দ্বিতীয় স্থানত আছে৷










