![]()
দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি অহা শনিবাৰে সাপ্তাহিক লকডাউন প্ৰত্যাহাৰ কৰিছে ৰাজ্য প্ৰশাসনে। মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই এক নিৰ্দেশনা জৰিয়তে প্ৰকাশ কৰিছে এই কথা। ৰাজ্যবাসীক কভিডৰ সকলো নিৰ্দেশনা, সামাজিক দূৰত্ব, মাস্ক পৰিধান কৰি ১৫ আগষ্ট দিনটোত চলা-ফুৰা কৰিবলৈ নিৰ্দেশনাটোত স্পষ্টকৈ উল্লেখ আছে।পুৱা ৬ বজা পৰা সন্ধিয়া ৫ বজালৈ চলাচলত অনুমতি প্ৰদান কৰা হৈছে।
গুৰুত্বপূৰ্ণ কথা এই যে সপ্তাহৰ প্ৰতি শনিবাৰ আৰু দেওবাৰে ৰাজ্যত বাহাল আছে সাপ্তাহিক লকডাউন।কেৱল শনিবাৰ দিনটোত স্বাধীনতা দিৱসৰ বাবে লকডাউন প্ৰত্যাহাৰ কৰিছে চৰকাৰে।
উল্লেখ ৰাজ্যত ক’ৰনা আক্রান্ত সংখ্যা প্ৰতিদিনে বৃদ্ধি পাই আছে।বুধবাৰৰ দিনটোত সৰ্বাধিক চাৰি হাজাৰৰ অধিক লোক আক্রান্ত হৈছে ক’ৰনাত। সুৰৰত্ন যজ্ঞ বেজবৰুৱাক আজি আদ্যশ্রাদ্ধৰ দিনটোত নগঞা শিল্পীসমাজে শ্ৰদ্ধাৰে স্মৰণ কৰে। জীৱনজোৰা চৰ্চা আৰু সাধনাৰে অতুলনীয় আৰু সদা স্মৰণীয় অৰিহণা আগবঢ়াই গৈছে। শ্ৰীশ্ৰী মাধৱদেৱৰ এটি ঘোষাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সামৰণি পৰে ।












