
শিল্পী জুবিন গাৰ্গক আক্ৰমণত জড়িত এনএছইউআই কামৰূপ মহানগৰ জিলা নেতা হীৰকজ্যোতি ৰাজবংশীক গ্ৰেপ্তাৰ। আৰক্ষীয়ে কিছু সময় পূৰ্বে গ্ৰেপ্তাৰ কৰিছে শিল্পী জুবিনৰ আক্ৰমণত মূল অভিযুক্ত গৰাকী। দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হীৰকক।
উল্লেখ বুধবাৰে ৰাতি গণেশগুড়িত গাড়ী ৰখা দু-ব্যৱহাৰ কৰিছিল শিল্পী জুবিনক। তাৰ পাছত দিছপুৰ থানাত গোচৰ ৰুজু কৰিছিল শিল্পী গৰাকীয়ে।
গুৰুত্বপূৰ্ণ কথা এই যে গ্ৰেপ্তাৰ হোৱা হীৰকজ্যোতি এনএছইউআই কামৰূপ (ম) উপ-সভাপতি পদত আছিল। শিল্পী গৰাকী আক্ৰমনত জড়িত হোৱা পাছতে তৎকালীনভাৱে কাৰ্যকৰি হোৱাকৈ দলৰ পৰা নিলম্বিত কৰা কথা ঘোষণা কৰিছে।












