![]()
নিউজ ডেক্স:
ক’ৰোনাত আক্ৰান্তৰ সংখ্যা নিতৌ বৃদ্ধি পাই আছে৷ শেহতীয়া তথ্য মতে বিশ্বত ২ কোটি ৮ লাখ ৬ হাজাৰ ৯৮৩ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ ইয়াৰ মাজত ভাৰতত আক্ৰান্তৰ সংখ্যা হ’ল ২৪ লাখ ৬১ হাজাৰ ১৯১ জন৷ ভাৰতত ক’ৰোনাত আক্ৰান্ত হৈ ৪৮ হাজাৰ ৪০ জনৰ মৃত্যু হৈছে৷
* ওড়িশ্যাত এদিনতে ক’ৰোনা প্ৰায় ২০০০ জনলৈ সংক্ৰমিত হৈছে৷ ৰাজ্যখনত সুস্থ হৈছে ১৪০০ ৰো অধিক লোক৷
* ৰাছিয়াই প্ৰস্তুত কৰা ক’ৰোনা প্ৰতিষেধক কিনিব ভিয়েটনামে৷
* অকলেণ্ডত লকডাউন ম্যাদ ১২ দিন বঢ়াই দিয়া হৈছে৷
* ভাৰতত ক’ৰোনাৰ পৰা মুক্তি পোৱা হাৰ হ’ল ৭১.১৭ শতাংশ৷ এই কথা জনালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে৷
* ক’ৰোনা প্ৰতিৰোধৰ ঔষধৰ দামলৈ বিভিন্ন মত প্ৰকাশ পাইছে৷ জাইডাছ (Zydus)ৰ টীকাৰ দাম ২৮০০ কৰা হৈছে৷
* আমেৰিকাত বিদ্যালয় খুলাৰ দুসপ্তাহৰ ভিতৰত ক’ৰোনাত এক লাখ শিশু আক্ৰান্ত হয়৷
* লক্ষ্ণৌত চিকিৎসালয়ৰ খৰচ বান্ধি দিলে চৰকাৰে৷
* ভাৰতত যোৱা ২৪ ঘণ্টাত চাৰে আঠ লাখ লোকৰ ক’ৰোনা পৰীক্ষা কৰা হয়৷
* উত্তৰ কোৰিয়াৰ সীমান্তৰ চহৰবোৰত লকডাউন তুলি দিলে কিম জং উন চৰকাৰে৷
* চীনত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩০ জন বৃদ্ধি পাইছে৷
* মুম্বাইত ক’ৰোনাত মৃত্যুৰ সংখ্যা পৰিসংখ্যা মতে ভাৰতৰ গড় মৃত্যু হাৰৰ তিনি গুণ৷
* আমেৰিকাত এদিনতে ক’ৰোনাত ৫৩ হাজাৰ ২৭৬ জন আক্ৰান্ত হৈছে৷
* ১৬ আগষ্টৰ পৰা বৈষ্ণদেৱী যাত্ৰা আৰম্ভ হ’ব৷
* দক্ষিণ কোৰিয়াত নতুনকৈ ১০৩ জন আক্ৰান্ত৷ গোষ্ঠী সংক্ৰমণৰ আশংকা৷












