![]()
নিউজ ডেস্কঃ
অৱশেষত দেশৰ প্ৰখ্যাত অধিবক্তা প্ৰশান্ত ভূষণৰ ওপৰত আদালত অৱমাননাৰ ৰায় দিলে ছুপ্ৰিম কোৰ্টে। ন্যায়াধীশ অৰুণ মিশ্র নেতৃত্বাধীন তিনিজনীয়া খণ্ড আদালতে আজি এই ৰায় দিয়ে। কিন্তু তেওঁৰ শাস্তি সন্দৰ্ভত অহা ২০ আগষ্টতহে শুনানি হ’ব। আদালত অৱমাননাৰ বাবে সর্বোচ্চ ছয় মাহৰ জে’ল বা ২০ হাজাৰ টকাৰ জৰিমনা বা দুয়োটাই হ’ব পাৰে।
উল্লেখ্য যে যোৱা ২৭ জুনত ছুপ্রিম কোর্টৰ বিৰুদ্ধে আৰু ২৯ জুনত দেশৰ প্রধান ন্যায়াধীশৰ বিৰুদ্ধে টুইট কৰিছিল প্রশান্ত ভূষণে। যাৰ বাবে ছুপ্রিম কোৰ্টে তেওঁক ২২ জুলাইত জাননী দিয়ে।
প্ৰথম টুইটটোত তেওঁ অভিযোগ কৰিছিল যে গণতন্ত্র ধ্বংস কৰাৰ ক্ষেত্রত ছুপ্রিম কোর্ট আৰু শেষৰ চাৰিজন প্রাক্তন ন্যায়াধীশৰ ডাঙৰ ভূমিকা আছে। পৰৱৰ্তী টুইটত মুখ্য ন্যায়াধীশে এজন বিজেপি কৰ্মীৰ বিলাসী বাইকত কিয় উঠিছিল, সেই লৈ অভিযোগ কৰিছিল প্ৰশান্ত ভূষণে৷










