![]()
নিউজ ডেক্স:
ৰাজস্থানত শেষ হাঁহি মাৰিলে কংগ্ৰেছে৷ ৰাজস্থান বিধানসভাত আস্থাৰ ভোটত জয়ী হ’ল অশোক গেহলট চৰকাৰ৷ ২০০ আসনৰ বিধানসভাত গেহলটে লাভ কৰে ১০৭ জন বিধায়কৰ সমৰ্থন৷ আনহাতে বিজেপিৰ হাতত থাকে ৭২ বিধায়ক৷ ইপিনে অহা ২১ আগষ্টলৈকে বিধানসভা অধিবেশন অনুষ্ঠিত হ’ব৷
এই কথা জনালে বিধানসভাৰ অধ্যক্ষ চি পি যোশীয়ে৷ উল্লেখ্য যে গেহলট আৰু পাইলটৰ মাজত হোৱা দ্বন্দ্বই প্ৰায় এমাহ ৰাজস্থান কংগ্ৰেছক অচল কৰি তুলিছিল৷
শেষত ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে শচীন পাইলটৰ বৈঠকৰ পাচত ৰাজস্থান কংগ্ৰেছৰ সংঘাত দূৰ হয়৷ আনহাতে দিল্লীৰ পৰা বিধায়ক ঘুৰাই আনি বিদ্ৰোহৰ ইতি পেলায় পাইলটে৷










