![]()
নিউজ ডেস্কঃ
সঠিক সময়ত যাতে সকলোৱে আয়কৰ জমা দিয়ে, তাৰ বাবে নিত্য নতুন পন্থা সন্ধান কৰি উলিয়াইছে আয়কৰ বিভাগে। যিসকল ব্যক্তিয়ে সৎভাবে আয়কৰ পৰিশোধ কৰে, তেওঁলোকৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নতুন আঁচনি প্ৰৱৰ্তন কৰিছিল। কিন্তু চৰকাৰে বিভিন্ন পদক্ষেপ ল’লেও, আয়কৰ ফাঁকি দিয়া ব্যক্তিৰ সংখ্যা যেন একোৱেই কমাব পৰা নাই।
এই আয়কৰ পৰিশোধৰ এক অভাৱনীয় ঘটনা পোহৰলৈ আহিছে ছত্তিশগড়ৰ পৰা। বয়স ১০০ বছৰ হৈ গৈছে, তাতো কোনো কথা নাই, এতিয়াও সঠিক সময়ত আয়কৰ জমা কৰি আহিছে প্রবীণ বৃদ্ধা বীণা ৰক্ষিতে। কেৱল তেওঁ অকলে নহয়, এই তালিকাত নাম আছে আৰু তিনিজনৰ। যিসকলৰ বয়স ১০০ পাৰ হৈ গ’লেও, এতিয়াও তেওঁলোকে সঠিক সময়ত আয়কৰ দি আহিছে।
বিলাসপুৰৰ ১০০ বছৰীয়া বীণা ৰক্ষিতৰ সৈতে, মধ্য প্রদেশৰ বিনাৰ গিৰিজা বাই তিৱাৰী (১১৭ বছৰ), ইন্দোৰৰ ঈশ্বৰী বাই লুলা (১০৩ বছৰ) আৰু কাঞ্চন বাই (১০০ বছৰ) আছে এই তালিকাত। এই ঘটনাৰ ভিত্তিতে ভূপালৰ আয়কৰ বিভাগে এই চাৰিগৰাকী প্রবীণ মহিলাক বিশেষভাৱে সন্মানিত কৰাৰ সিদ্ধান্ত লয়।
গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডছত নাম উঠিব পাৰে
চাৰিওগৰাকী প্রবীণ মহিলাক বিশেষ সন্মানেৰে সম্মানিত কৰি, ভূপালৰ প্রিন্সিপাল চিফ ইনকাম টেক্স কমিছনাৰ এ কে চৌহানে জনায়, ‘তেওঁলোক সকলোৰে প্রতি আমাৰ পৰম শ্রদ্ধা জনালো। কেতিয়াও তেওঁলোক চাৰিজনৰ বিৰুদ্ধে কোনোদিন কোনো টেক্সৰ বাবে অভিযোগ উঠা নাই। যদি সকলোবোৰ ঠিকে-ঠাকে থাকে, তেওঁলোকৰ নাম গিনিছ বুক অব ৱর্ল্ড ৰেকর্ডছলৈ পঠাব পৰা যাব৷’










