![]()
নিউজ ডেক্স:
১৪ দিনৰ কোৱাৰেন্টাইনৰ নিয়ম ভংগ কৰি ৰাস্তালৈ ওলোৱা ভাৰতীয় নাগৰিকক পাঁচ মাহৰ কাৰাদণ্ড দিলে মালয়েছিয়াৰ আদালতে। ৫৭ বছৰীয়া ব্যক্তিজনৰ এই ভুলৰ মাচুল পৰিশোধ কৰিবলগা হ’ল আৰু কেইবাজনেও। ব্যক্তিজনৰ সংস্পর্শলৈ আহি কৰোনা আক্রান্ত হৈছে তেওঁলোক।
যোৱা মাহত ভাৰতৰ পৰা মালয়েছিয়ালৈ ঘূৰি গৈছিল তেওঁ। তাত উত্তৰৰ কেদাহ ৰাজ্যত তেওঁৰ আছে হোটেল ব্যৱসায়। বিমানৰ পৰা অৱতৰণৰ পিছতেই চৰকাৰী নির্দেশ অনুযায়ী তেওঁ ১৪ দিনৰ হোম কোৱাৰেন্টাইনত থাকিব লাগে। কিন্তু সেইবোৰ লকডাউন বিধি ধোঁৱা চাঙত তুলি হোটেলৰ উদ্দেশ্যে ওলাই আহিছিল তেওঁ।
কিন্তু আৰক্ষীৰ দৃষ্টিত পৰাৰ লগে লগেই তেওঁক গ্রেপ্তাৰ কৰা হয়। শুক্রবাৰে মালয়েছিয়াৰ আলুৰ ছেটাৰ মেজিষ্ট্ৰেট কোর্টত ব্যক্তিজনক দোষী সাব্যস্ত কৰি পাঁচ মাহৰ কাৰাদণ্ডৰ শাস্তি শুনায়। ইয়াৰ উপৰি ভাৰতীয় মূল্যত প্রায় ২ লাখ ১৫ টকা জৰিমনাও ভৰোৱা হৈছে তেওঁক। উল্লেখ্য যে মালয়েছিয়ালৈ উভতোতেই তেওঁৰ কৰোনা পৰীক্ষা হৈছিল।
তাত ৰিপোর্ট নেগেটিভ আহে। কিন্তু আৰক্ষীৰ হাতত ধৰা পৰাৰ পিছত তেওঁৰ পুনৰ এবাৰ কৰোনা পৰীক্ষা কৰা হয়। তাত ৰিপোর্ট পজিটিভ আহে। তাৰ পিছতেই অনুসন্ধান আৰম্ভ হয়, কাৰ কাৰ সংস্পর্শলৈ আহিছিল ব্যক্তিজন! পিছত দেখা যায়, পৰিয়ালৰ লোকসকল, ৰেস্তোৰাঁৰ কর্মচাৰী, ক্রেতাকে ধৰি সকলো মিলাই ৪৫ জন আক্রান্ত হৈছে তেওঁৰ এই ‘মূর্খামি’ৰ কাৰণে।










