![]()
নিউজ ডেস্কঃ
প্ৰবল আৰু নেৰানেপেৰা বৰষুণৰ ফলত নেপালৰ পাহাৰীয়া গাঁৱত হোৱা ভূমিস্খলত আজি অতি কমেও ১৬জন লোক নিহত হোৱাৰ লগতে কেইবাজনো লোক সন্ধানহীন হয়৷ ইফালে ভূমিস্খলনৰ ফলত বহু কেইটা ঘৰ বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বুলিও দেশখনৰ গৃহ মন্ত্ৰালয়ৰ সূত্ৰত প্ৰকাশ৷ উল্লেখ্য যে নেপালত জুনৰ পৰা ছেপ্টেম্বৰ মাহলৈ হোৱা বৰষুণৰ ফলত প্ৰতিবছৰে বহু মানুহৰ মৃত্যু হোৱাৰ লগতে সা-সম্পত্তিৰ ক্ষতি হৈ আহিছে৷
সূত্ৰ মতে, শুকুৰবাৰে পুৱাৰ ভাগত দেশখনৰ ৰাজধানী কাঠমাণ্ডুৰ ওচৰৰ সিন্ধুপালচৌকত হোৱা ভূমিস্খলনত কমেও ১০জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে ডজনতকৈও অধিক ঘৰ ধ্বংস হয়৷ গৃহ বিভাগৰ বিষয়া মুৰাৰী ৱাস্তিয়ে প্ৰকাশ কৰা মতে, এই ঘটনাত ২৮জন লোক সন্ধানহীন হৈ আছে৷
ইফালে নেৰানেপেৰা বৰষুণৰ ফলত উদ্ধাৰকাৰ্যত বাধা সৃষ্টি হোৱা বুলিও তেওঁ লগতে উল্লেখ কৰে৷
আনহাতে, নেপালৰ পৰা পশ্চিমে অৱস্থিত অত্যন্ত দুৰ্গম অঞ্চল কালিকটত ১০ৰ পৰা ১৯ বছৰ বয়সৰ ভিতৰত আন ৬জন লোকৰ ভূমিস্খলনত মৃত্যু হয়৷
ইয়াৰে ভিতৰত চাৰিজন একেটা পৰিয়ালৰে৷উল্লেখ্য যে নেপাল চৰকাৰৰ সূত্ৰ মতে, চলিত বছৰত এই পৰ্যন্ত বান আৰু ভূমিস্খলনৰ বাবে দেশখনত ২১৫জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ৮৫জন এতিয়াও সন্দানহীন হৈ আছে৷










