![]()
নিউজ ডেস্কঃ
কোজিকোড় বিমান দুর্ঘটনাৰ পিছত উদ্ধাৰৰ কামত নিযুক্ত ২২জন চৰকাৰী বিষয়াৰ ক’ৰোনা পৰীক্ষাৰ ৰিপোর্ট পজিটিভ আহিছে। শুক্রবাৰে এই খবৰ পোৱাৰ পিছতেই আইছলেচনলৈ গৈছে কেৰালাৰ মুখ্যমন্ত্রী পিনাৰাই বিজয়ন। তেওঁৰ মন্ত্রীসভাৰ আৰু কেইবাজনো সদস্য আৰু কেন্দ্রীয় ৰাজ্যিক মন্ত্রী তথা কেৰালাৰ বিজেপি নেতা ভি মুৰলীধৰণো আজি আইছলেচনলৈ যোৱা বুলি চৰকাৰী সূত্রত জানিব পৰা গৈছে।
মালাপ্পুৰম জিলা স্বাস্থ্য বিভাগৰ এক বিষয়াই আজি জনায়, ৭ আগষ্টৰ নিশা ডুবাইৰ পৰা অহা এয়াৰ ইণ্ডিয়াৰ ফ্লাইট-১৩৪৪ দুর্ঘটনাগ্রস্ত হোৱাৰ পিছত চৰকাৰী বিষয়া তথা কৰ্মচাৰীসকলৰ উপৰি স্থানীয় বহু লোক উদ্ধাৰকাৰ্যত লাগিছিল। এই পর্যন্ত উপায়ুক্ত কে গোপালকৃষ্ণনসহ ২২জন চৰকাৰী বিষয়াৰ ৰিপোর্ট পজিটিভ আহিছে। পৰিস্থিতিৰ গুৰুত্ব অনুভৱ কৰি মুঠ ৬০০জনক কোৱাৰেন্টাইনলৈ যোৱাৰ পৰামর্শ দিয়া হৈছে।
চৰকাৰী সূত্রৰ খবৰ মতে, কোজিকোড় বিমান দুৰ্ঘটনাৰ পিছত গোপালকৃষ্ণনসহ বহু কেইজন চৰকাৰী বিষয়া যোৱা ৮ আগষ্টত মুখ্যমন্ত্রী পিনাৰাই বিজয়নৰ উপৰি ৰাজ্যপাল আৰিফ মহম্মদ খান, স্বাস্থ্যমন্ত্রী কে কে শৈলজা, কেন্দ্রীয় বিমানমন্ত্রী হৰদীপ সিং পুৰী আৰু বিদেশ ৰাজ্যিক মন্ত্রী ভি মুৰলীধৰণৰ সংস্পর্শলৈ আহিছিল। ৰাজ্যৰ আৰু সাতজন মন্ত্রী তথা বহু কেইজন আমোলাও আছে এই তালিকাত। তেওঁলোক সকলোৱেই কাৰ্যত আইছলেচনত।










