
অজন্তা তালুকদাৰ
বোকাখাত : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বোকাখাতৰ ৰাজপথলৈ ওলাই আহিল মহকুমাটোৰ সাংবাদিকসকল। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধ্যমৰ সংবাদকৰ্মীসকলৰ ওপৰত বিভিন্ন সময়ত হোৱা নিৰ্যাতন, হত্যা বন্ধ আৰু সাংবাদিকৰ সুৰক্ষাৰ দাবীত আজি ইণ্ডিয়ান জাৰ্নালিষ্ট ইউনিয়নৰ আহ্বানক্ৰমে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ দ্বাৰা বোকাখাত মহকুমা সাংবাদিক সন্থা, বোকাখাত প্ৰেছ ক্লাব আৰু ইমজা আৰু মহকুমা মটোৰ কেউটা আঞ্চলিক সাংবাদিক সন্থাৰ সহযোগত এঘণ্টাজোৰা “ফ্ৰীডম অৱ প্ৰেছ” সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
বৰ্তমান সময়ৰ কৰ’ণা প্ৰতিৰোধৰ সকলো প্ৰটকল মানি তথা শাৰিৰীক দূৰত্ব মানি চলি বোকাখাত নাট্যমন্দিৰৰ সন্মুখত অনুষ্ঠিত সত্যাগ্ৰহ কাৰ্যসূচীত সাম্প্ৰতিক সময়ত দেশৰ বিভিন্ন স্থানত হৈ থকা সাংবাদিক হত্যাৰ বিচাৰৰ দাবীত আৰু সাংবাদিকৰ সুৰক্ষাৰ দাবীত এই সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
উল্লেখ্য যে বিভিন্ন সময়ত ভাৰতকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত সত্যনিষ্ঠ বাতৰি পৰিবেশনৰ আত্মনিয়োগ কৰা সাংবাদিকসকল ৰাষ্ট্ৰসন্ত্ৰাস তথা বেচৰকাৰী সন্ত্ৰাসৰ বলি হৈ অকালতে প্ৰাণ আহুতি দিবলগীয়া হৈছে। সত্যক গাপ দিবলৈ কৰা অপচেষ্টাৰ ফলত হত্যা কৰা হয় সাংবাদিকসকলক। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই কয় যে যোৱা ১৯৯২ চনৰ পৰা বৰ্তমানলৈকে সমগ্ৰ বিশ্বত প্ৰায় ১,০৩৭২ সাংবাদিকক হত্যা কৰা হৈছে। ভাৰতবৰ্ষতো হত্যা কৰা হৈছে সাংবাদিকক। দেশৰ ৫১ জন সাংবাদিকৰ ভিতৰত কমলা শইকীয়া, পৰাগ দাসকে আদি কৰি প্ৰায় ৩০ জনেই অসমৰ সাংবাদিক।
কিন্তু এই সাংবাদিকসকলৰ হত্যাৰ কোনো বিচাৰ আজিকোপতি নহ’ল। আজি বোকাখাত মহকুমাৰ কেউটা সংবাদ সংস্থাৰ বিষয়ববীয়া আৰু সদস্যসকলে সন্মিলিতভাৱে বোকাখাত মহকুমাৰ দণ্ডাধীশ শ্বগুফ্টা চোহেলী বেগমৰ হাতত দেশৰ প্ৰধানমন্ত্ৰীলৈ এখনি স্মাৰক-পত্ৰ প্ৰেৰণ কৰে।
স্মাৰক পত্ৰখনিত মূলতঃ ভাৰতত ভিন্ন সময়ত হোৱা সাংবাদিক নিৰ্যাতন-নিগ্ৰহ বন্ধ, সাংবাদিক হত্যাৰ ক্ষতিপূৰণ আৰু ন্যায্য বিচাৰ তথা দোষীৰ উপযুক্ত শাস্তিৰ দাবীৰ লগতে সাংবাদিকৰ বাক স্বাধীনতা আৰু সুৰক্ষাৰ অধিকাৰৰ দাবী কৰা হয়। সত্যাগ্ৰহ কাৰ্যসূচীত দেশৰ সাংবাদিকৰ সুৰক্ষা আৰু অধিকাৰৰ দাবীত বোকাখাত মহকুমা সাংবাদিক সন্থাৰ সম্পাদক নীলু আচাৰ্য আঁতধৰা সত্যাগ্ৰহ কাৰ্যসূচীত জিতু শৰ্মা ৰাজখোৱাৰ ওপৰিও ক্ৰমে জ্যেষ্ঠ সাংবাদিক বুবুল দত্ত, বোকাখাত প্ৰেছ ক্লাৱৰ সভাপতি, সম্পাদক ক্ৰমে ভৱানন্দ কলিতা আৰু উত্তম শইকীয়া, কাজিৰঙাৰ জ্যেষ্ঠ সাংবাদিকদ্বয় স্বপন নাথ আৰু নীলপদ্ম শৰ্মা, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক আৰু প্ৰাক্তন সম্পাদক ক্ৰমে ৰঞ্জিত ৰজক আৰু ধ্ৰুৱজ্যোতি সাহা, সাংবাদিক দিব্যজ্যোতি হাজৰিকা, প্ৰদীপ হাজৰিকা, অজন্তা তালুকদাৰ, ভূপেন দাস আদিয়ে প্ৰাণ আহুতি দিয়া সাংবাদিকসকলৰ হত্যাৰ গোচৰৰ ফাইলসমূহৰ পুণৰ তদন্ত আৰু ন্যায্য বিচাৰ কৰি দোষীক উপযুক্ত শাস্তিৰ ওপৰিও প্ৰয়াত সাংবাদিকসকলৰ পৰিয়ালক চৰকাৰে ক্ষতিপূৰণ দিয়াৰ দাবী কৰে।
আজিৰ সত্যাগ্ৰহ কাৰ্যসূচীত মহকুমাটোৰ প্ৰায় দেৰকুৰি সাংবাদিকে অংশগ্ৰহণ কৰি “সাংবাদিক হত্যাৰ বিচাৰ লাগে” আৰু কেউটা সাংবাদিক সংগঠনৰ জিন্দাবাদ শ্ল’গানেৰে সাংবাদিকৰ সুৰক্ষা আৰু অধিকাৰৰ দাবী তোলে।











