![]()
নিউজ ডেস্ক:
৭৪ বছৰৰ ভিতৰত ব্যতিক্রমী স্বাধীনতা দিৱসৰ সাক্ষী হ’ল সমগ্ৰ দেশ। তথাপিও যেন উৎসাহত কোনো কম নাই। আজি লালকিল্লাৰ পৰা এক দেশ এক ৰেচন কার্ডৰ লগতে ‘এক দেশ এক হেল্থ কার্ড’ ব্যৱস্থা আৰম্ভ কৰাৰ প্রস্তুতি দিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷
প্রধানমন্ত্রীয়ে কয়, “নাগৰিকসকলৰ চিকিৎসা তথ্য ৰখাৰ বাবে হস্পিটেল, ক্লিনিক, চিকিৎসকসকলক এটি ছার্ভাৰৰ সৈতে সংযুক্ত কৰা হ’ব৷ অৱশ্যে এই প্রকল্পত যুক্ত হোৱাটো বাধ্যতামূলক নহয়, নাগৰিক বা হস্পিটেল কর্তৃপক্ষই বিচাৰিলেহে তেওঁলোক এই প্রকল্পৰ সৈতে সংযুক্ত হ’ব পাৰে৷ এই প্রকল্পত যুক্ত হ’লে প্রত্যেক নাগৰিকৰ এটি একক ইউনিক আইডি তৈয়াৰ হ’ব৷ এই আইডিৰেই লগ ইন কৰা হ’ব৷”
আজি প্রধানমন্ত্রীয়ে জনায়, ডিজিটেল স্বাস্থ্য মিছন (National Digital Health Mission)ৰ আওতাত এই পৰিকল্পনা অনুযায়ী, এই প্রকল্পত প্রত্যেক নাগৰিকৰ স্বাস্থ্য সংক্রান্তীয় যাৱতীয় তথ্য একেটা প্লেটফর্মতে সংৰক্ষিত থাকিব৷ ইয়াৰ উপৰি আধাৰ কার্ডৰ দৰে প্রত্যেক নাগৰিকৰ হেল্থ আইডি কার্ড তৈয়াৰ কৰা হ’ব৷
এই তথ্য ভাণ্ডাৰত চিকিৎসকসকলৰ তালিকাসহ দেশৰ স্বাস্থ্য সেৱা সংক্রান্তীয় সকলো তথ্য থাকিব৷ এই প্রকল্পত প্রত্যেক নাগৰিকেই এখনকৈ হেল্থ কার্ড তৈয়াৰ কৰিব লাগিব৷ ভৱিষ্যতে সকলো ধৰণৰ পৰীক্ষা আৰু চিকিৎসা কৰালে তাৰ যাৱতীয় তথ্য সংশ্লিষ্ট কার্ডৰ নম্বৰত সংৰক্ষিত থাকিব৷
ইয়াৰ উপৰি, আজি দেশত আয়ুষ্মান ভাৰত যোজনাৰ লাভ আৰু সুবিধাক লৈও বার্তা দিয়ে প্রধানমন্ত্রীয়ে। বিশ্লেষকসকলৰ মতে, কৰোনা পৰিস্থিতিত হেল্থ কার্ড সংক্রান্তীয় ঘোষণা ডাঙৰ পদক্ষেপ। ইয়াৰ ফলত প্রত্যেক মানুহৰ স্বাস্থ্য সংক্রান্তীয় তথ্য এটা স্থানত জমা থাকিব। ফলত দ্রুত চিকিৎসা সেৱা প্রদান কৰা আৰু সহজ হ’ব।










