![]()
নিউজ ডেস্কঃ
ভাৰতত যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ৰোনাত আক্রান্ত হৈছে ৬৫ হাজাৰ ২ জন। দৈনিক আক্রান্তৰ সংখ্যাৰ হিচাবত এইটো সর্বোচ্চ। ইয়াকে লৈ এতিয়া দেশত মুঠ কৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাই হৈছে ২৫ লাখ ২৬ হাজাৰ ১৯২জন।
কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ পৰিসংখ্যা অনুসৰি, এই পর্যন্ত দেশত কোভিড-১৯ত মুঠ ৪৯,০৩৬ জনৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৯৯৬ জনৰ। মৃত্যুৰ পিচাপত প্রথম পাঁচখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্র (১৯,৪২৭), তামিলনাডু (৫,৫১৪), দিল্লী (৪,১৭৮), কর্নাটক (৩,৭১৭) আৰু গুজৰাট (২,৭৪৬)। ষষ্ঠ আৰু সপ্তম স্থানত অন্ধ্রপ্রদেশ (২,৪৭৫) আৰু উত্তৰ প্রদেশ (২,৩৩৫)।
ইফালে মঙ্গলবাৰৰ পৰাই সংক্ৰমণৰ হাৰ ৯ শতাংশৰ তললৈ নামিছে।
কালি আছিল ৭.৬১ শতাংশ আৰু আজি তাতকৈও কমি হৈছে ৭.৪৮ শতাংশ। সংক্রমণৰ হাৰ কমাৰ লগে লগে বিগত এক সপ্তাহত নিয়মিতভাবে বাঢ়িছে কৰোনা পৰীক্ষা। বিগত ২৪ ঘণ্টাত দেশত কৰোনা পৰীক্ষা হৈছে ৮ লক্ষ ৬৮ হাজাৰ ৬৭৯ জনৰ। যিটো এতিয়ালৈকে সর্বোচ্চ।
আনহাতে, দেশত এই মুহূর্তত মুঠ সক্ৰিয় কোভিড-১৯ ৰোগীৰ সংখ্যা ৬ লাখ ৬৮ হাজাৰ ২২০। কৰোনা আক্রান্তসকলৰ মাজৰ পৰা বৰ্তমানলৈ সুস্থ হৈছে মুঠ ১৮ লাখ ৮ হাজাৰ ৯৩৬ জন। বিগত ২৪ ঘণ্টাত সুস্থ হৈছে ৫৭,৩৮১ জন।
আৰম্ভণিৰ পৰাই কৰোনা সংক্ৰমণৰ শীর্ষত থকা মহাৰাষ্ট্রত বৰ্তমান মুঠ আক্রান্ত ৫ লক্ষ ৭২ হাজাৰ ৭৩৪ জন। দ্বিতীয় স্থানত থকা তামিলনাডুত মুঠ আক্রান্ত ৩ লক্ষ ২৬ হাজাৰ ২৪৫ জন। সংক্রমণ তালিকাত তৃতীয় স্থানত থকা অন্ধ্রপ্রদেশত মুঠ আক্রান্ত ২ লক্ষ ৭৩ হাজাৰ ৮৫ জন।
উল্লেখ্য যে কোভিড সংক্রমণৰ বিশ্ব তালিকাত এতিয়া তৃতীয় স্থানত ভাৰত। আমেৰিকা (৫৪ লক্ষ ৭৬ হাজাৰ ২৬৬) আৰু ব্রাজিল (৩২ লক্ষ ৭৮ হাজাৰ ৮৯৫) ক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থানত। মৃত্যুৰ তালিকাত ভাৰত আছে চতুর্থ স্থানত। আমেৰিকা (১ লক্ষ ৭১ হাজাৰ ৫৩৫), ব্রাজিল (১ লক্ষ ৬ হাজাৰ ৫৭১) আৰু মেক্সিকো (৫৫ হাজাৰ ৯০৮) আছে প্রথম তিনিটা স্থানত।










