![]()
নিউজ ডেক্স:
ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তাল হৈ পৰে বেলাৰুছ৷ নিৰ্বাচনী প্ৰক্ৰিয়াত অনিয়মৰ অভিযোগ তুলি পথত নামি পৰে হাজাৰ হাজাৰ বিক্ষোভকাৰী৷ আৰক্ষীৰে সৈতে বিক্ষোভকাৰীৰ সংঘৰ্ষ হোৱাত দেশখনৰ পৰিস্থিতি অৱনতি হৈছে৷
বিক্ষোভকাৰীৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে আৰক্ষীৰ বিৰুদ্ধে৷ প্ৰায় ৭ হাজাৰ মানুহক আটক কৰা হৈছে৷ আনহাতে কমেও দুহেজাৰ মানুহক এৰি দিয়া হৈছে৷ যোৱা দেওবাৰে দেশখনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক কেন্দ্ৰ কৰি ঘটনাৰ সূত্ৰপাত হয়৷
এই নিৰ্বাচনত ৮০ শতাংশ ভোট লাভ কৰি ক্ষমতা ধৰি ৰাখে ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাশেংকোৰে৷ ২৬ বছৰ ধৰি তেওঁ ক্ষমতাত আছে৷ লুকাশেংকোৰ জয় ঘোষণাৰ পাচত বিক্ষোভত উত্তাল হৈ পৰে বেলাৰুছৰ মানুহ৷ নিৰ্বাচনত অনিয়ম হৈছে বুলি অভিযোগ কৰে বিক্ষোভকাৰীয়ে৷
বিক্ষোভকাৰীৰ ওপৰত আৰক্ষীয়ে নিৰ্মম নিৰ্যাতন চলায় বুলি অভিযোগ উত্থাপন হয়৷ লুকাশেংকোৰে দাবী কৰে কেইজনমান বিক্ষোভকাৰীয়ে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰিছিল৷










