![]()
নিউজ ডেস্ক:
ছোৱালীৰ বিবাহৰ নূন্যতম বয়সক লৈ পুনৰায় বিবেচনা কৰাৰ বাবে এখন কমিটি গঠন কৰাৰ কথা উল্লেখ কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। শনিবাৰে ৭৪তম স্বাধীনতা দিৱস উপলক্ষে দিল্লীৰ লালকিল্লাৰ পৰা জাতিক উদ্দেশ্যে দিয়া ভাষণত প্রধানমন্ত্রীয়ে কয়, “আমাৰ ছোৱালীৰ সকলৰ বিবাহৰ নূন্যতম বয়স পুনৰায় ঠিক কৰাৰ বাবে এখন কমিটি গঠন কৰা হ’ব।
কমিটিয়ে ৰিপোর্ট জমা দিয়াৰ পিছত আমি সঠিক সিদ্ধান্ত গ্ৰহণ কৰিম।” কমিটিখনে ছোৱালীৰ অপুষ্টি হ্রাসৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব বুলিও জনায় প্রধানমন্ত্রীয়ে।
তেওঁ লগতে কয়, আজি ভাৰত সেই দেশসমূহৰ মাজত এখন য’ত মহিলাসকলে নৌ আৰু বিমান বাহিনীত কাম কৰিছে যোদ্ধা আৰু অযোদ্ধা হিচাপে। মহিলাসকলক সবলীকৰণৰ বাবে ভাৰত চৰকাৰে মাতৃকালীন ছুটি, তিনি তালাক বিলুপ্তিসহ একাধিক পদক্ষেপ লৈছে।
ইয়াৰ উপৰি স্বাধীনতা দিৱসৰ মঞ্চৰ পৰা প্রধানমন্ত্রীয়ে জনায়, “দেশত ৫০০০ৰ বেছি জন ঔষধি কেন্দ্রৰ পৰা ৫ কোটিৰ অধিক দুখীয়া মহিলাক ১ টকাত চেনিটাৰী পেড প্রদান কৰা হৈছে।”










