
শিৱসাগৰৰ পৰা আজিজ আলি
আজি দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই শিৱসাগৰত আছুৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ জিলা ছাত্ৰ সন্থাই।
পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৪ বজালৈকে আছুৰ শিৱসাগৰ জিলাৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
উল্লেখযোগ্য যে, প্ৰশাসনৰ উদ্যোগত বৰ্ডিং ফিল্ডত অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ সন্মুখতেই আছুৰ শিৱসাগৰ জিলা মুখ্য কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।
নাগৰিকত্ব সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত সদৌ অসম ছাত্ৰ সন্থাই সমগ্ৰ ৰাজ্যত এইদৰে প্ৰতিবাদ কৰি যাব বুলি মন্তব্য কৰে আছুৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকাই।











