![]()
নিউজ ডেস্ক:
গাজিয়াবাদৰ মুৰাদনগৰত বৃহস্পতিবাৰৰ ঘটনা শুনি চমকি উঠিছে সকলোৱেই। এটি হাউজিং ছছাইটিৰ লিফটত ভয়ানক দুর্ঘটনাৰ চিকাৰ হয় ৭৬ বছৰীয়া এগৰাকী বৃদ্ধ। পাঁচ মহলাৰ পৰা তললৈ নমাৰ বাবে লিফটৰ বুটাম টিপিছিল তেওঁ।
লিফটৰ দৰ্জা খোলোতেই ভৰি আগবঢ়াই দিয়ে। শূন্যতে ভৰি দি শৰীৰৰ ভাৰসাম্য ৰাখিব নোৱাৰি পাঁচ তলাৰ পৰা তলত পৰি যায় তেওঁ। লিফটৰ দৰ্জা খুলিলেও, তাত লিফট অহা নাছিল। ঘটনাৰ ফলত মৃত্যু হয় বৃদ্ধগৰাকীৰ।
জানিব পৰা মতে, বৃ্দ্ধগৰাকীৰ নাম কেদাৰনাথ গৌৰ। প্রথমে এপার্টমেন্টৰ বেছমেন্টত তেওঁক অচেতন অৱস্থাত পোৱা যায়। নিজৰ গাড়ী পার্কিং কৰিবলৈ গৈ বৃদ্ধগৰাকীক দেখা পায় আন এগৰাকী আবাসিকে।
তলৰ বেছমেন্টতো লিফটৰ দৰ্জা খোলা আছিল, কিন্তু শ্বেফট তেতিয়াও তললৈ নমা নাছিল। তাতেই বৃদ্ধগৰাকীক পৰি থকা দেখে তেওঁ। দেৱাল আৰু শ্বেফটৰ মাজত পৰি যন্ত্রণাত চটফটাই আছিল ৰক্তাক্ত বৃদ্ধগৰাকীয়ে। মেটেলৰ শ্বেফটৰ বহু অংশ কাটি তেওঁক বাহিৰ কৰা হয়। তেতিয়াও তেওঁৰ দেহত প্রাণ আছিল যদিও হস্পিটেলত তেওঁক মৃত ঘোষণা কৰে চিকিৎসকে।










