
অজন্তা তালুকদাৰ
বোকাখাত : সমগ্ৰ দেশৰ লগতে বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত বোকাখাতত আজি উদযাপন কৰা হয় দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস। এই উদযাপনৰ লগত সংগতি ৰাখি পুৱা মহকুমাধিপতিৰ কাৰ্যালয়ত থকা মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰে বোকাখাতৰ মহকুমাধিপতি বিবেক শ্যামে আৰু শ্বহীদ কমলা মিৰিৰ বেদীত বন্তি প্ৰজ্বলন আৰু পুষ্পমাল্য অৰ্পণ কৰে বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত অধীক্ষক ডাঃ মিলন কুমাৰ লস্কৰে।
বোকাখাতৰ ৰাজহুৱা খেল পথাৰত কভিড নিৰ্দেশনা পালন কৰি প্ৰতিকুল বতৰকো নেওচি কেন্দ্ৰীয়ভাৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মহকুমাধিপতিয়ে।
মহকুমাধিপতিগৰাকীয়ে বোকাখাত ৰাজহুৱা খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ পাছত অভিবাদন গ্ৰহণ কৰি দিয়া ভাষণত জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীক শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে দেশ মাতৃৰ হকে আত্ম বলিদান দিয়া স্বাধীনতা সংগ্ৰামীসকললৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। গোলাঘাট জিলাৰ স্বাধীনতা সংগ্ৰামী শ্বহীদ কুশল কোঁৱৰ, শ্বহীদ কমলা মিৰি, শ্বহীদ বেজা বৈষ্ণৱক শ্ৰদ্ধাৰে স্মৰণ কৰে মহকুমাধিপতিগৰাকীয়ে।
বৰ্তমান ৰাজ্য চৰকাৰখনে জনগণৰ কল্যাণৰ হকে লোৱা বিভিন্ন আঁচনিৰ নাম বোকাখাত মহকুমাত সফলতাৰে ৰূপায়ণ হৈ থকাৰ কথা ভাষণত উল্লেখ কৰে। মহকুমাটোৰ বিভিন্ন বিভাগৰদ্বাৰা ৰূপায়ণ কৰি থকা আঁচনিৰ খতিয়ানো ডাঙি ধৰে।
ক’ভিড মহামাৰী সময়ত নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে সেৱা আগবঢ়োৱা ব্যক্তিসকলৰ লগতে সামাজিক, সাংস্কৃতিক, শৈক্ষিক আদি বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা পাৰদৰ্শিতা আৰু অৱদানৰ বাবে আজি স্বাধীনতা দিৱস উপলক্ষ্যে প্ৰশাসনে সম্বৰ্দ্ধনা জনোৱা দুই শতাধিক ব্যক্তি, দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ নাম ঘোষণা কৰা হয়। লগতে স্বাধীনতা দিৱস উপলক্ষ্যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰা হয়।
অৱশ্যে সাম্প্ৰতিক সময়ৰ কভিড আতংকৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষ কেইটাৰ দৰে উদযাপন থলীতে সম্বৰ্দ্ধনা আৰু পুৰস্কাৰ সমূহ বিতৰণ নকৰি পৰবৰ্তী সময়ত মহকুমা প্ৰশাসনৰ উদ্যোগত সম্বৰ্দ্ধিত ব্যক্তি সকল আৰু অনুষ্ঠান-প্ৰতিষ্ঠানৰ কৰ্মকৰ্তা সকলৰ নিজ গৃহতে সম্বৰ্দ্ধনা জনোৱাৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে।
ইফালে বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ ৰোগীসকল, বোকাখাত শিশু গৃহ আৰু বোকাখাতস্থ উজনি অসম বিকলাংগ কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত প্ৰশাসনে ফলমূল বিতৰণ কৰে।
প্ৰশাসনৰ উদ্যোগত, বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগত “ভাৰতৰ স্বাধীনতা আন্দোলন- অসমৰ স্বাধীনতা সংগ্ৰামীৰ ভূমিকা” শীৰ্ষক ৱেব সন্মিলন অনুষ্ঠিত হয়। ৱেব সন্মিলনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ডিব্ৰুগড বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক ড° দিব্যজ্যোতি দত্ত।











