
শিৱসাগৰৰ পৰা আজিজ আলি
শিৱসাগৰ নগৰৰ বৰ্ডিং খেলপথাৰত জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা স্বাধীনতা দিৱসৰ অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহণ, উদ্যোগ আৰু সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ত্ৰিৰংগা পতাকা উত্তোলন কৰে।
দেশৰ স্বাধীনতা সংগ্ৰামৰ বাবে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি প্ৰদান কৰি পতাকা উত্তোলন কৰি দিয়া ভাষণত মন্ত্ৰী পাটোৱাৰীয়ে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে। মন্ত্ৰী পাটোৱাৰীয়ে নিজৰ ভাষণত অসমৰ দ্ৰুত উন্নয়নৰ বাবে যোগাযোগ, পৰিবহণ আৰু ইণ্টাৰনেট ব্যৱস্থা প্ৰসাৰ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিৱৰণ দাঙি ধৰে। দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ ৰাজ্যখনৰ পৰা অচিৰেই দক্ষিণ-পূব এছিয়াৰ ৬খন দেশলৈ পোনপটীয়া বিমান সেৱা উৰণ আঁচনিৰ অধীনত সম্ভৱ কৰি তোলাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে। একেদৰে অসমৰ পৰা দক্ষিণ-পূব এছিয়া অভিমুখী এছিয়ান হাইৱে মুকলি কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে বুলি মন্ত্ৰী পাটোৱাৰীয়ে প্ৰকাশ কৰে। এই পথ মুকলি হ’লে বাণিজ্য, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল বাৰুকৈয়ে লাভান্বিত হ’ব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
কোভিড ১৯ৰ ভয়াৱহতাৰ বাবে এইবাৰ সীমিত ৰাইজৰ অংশগ্ৰহণেৰে আয়োজন কৰা স্বাধীনতা দিৱসৰ কুচকাৱাজত আজি পূৰ্বৰ বছৰবোৰৰ দৰে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট-গাইড, বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা নাছিল। স্বাধীনতা দিৱসৰ কুচ-কাৱাজত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ মাত্ৰ চাৰিটা দলে অংশগ্ৰহণ কৰে। একেদৰে বাতিল কৰা হয় স্বাধীনতা দিৱস উপলক্ষে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰো।











