
কাৰাবন্দী কৃষক নেতা অখিল গগৈ বাবে ন্যায়িক যুঁজলৈ শিল্পী মানস ৰবীনে প্ৰদান কৰিলে সাহায্য। কা’ বিৰোধী শিল্পীগৰাকীয়ে গগৈৰ মুক্তি বাবে নিজৰ পৰা আগবঢ়ালে দুই লাখ টকা আৰ্থিক অনুদান।
আৰ্থিক অনুদান আগবঢ়াই শিল্পীগৰাকীয়ে কয়- ৰাইজৰ হৈ মাত মাতি বন্দী জীৱন কটোৱা মানুহজনক মুকলাই অনা দায়িত্বও ৰাইজে ল’ব লাগিব। ৰাইজে নিজৰ দায়িত্বলৈ পিঠি দিলে নেতা নিজক লৈ ব্যস্ত হোৱাটো স্বাভাৱিক”।
লগতে তেওঁ কয়- অখিল গগৈক ৰাইজৰ পক্ষত ৰাখিবলৈ ৰাইজে টঙালি বান্ধক। কথাতে কয়, “ৰাইজে নখ জোকাৰিলে নৈ বয়”।
গুৰুত্বপূৰ্ণ এই যে কৃষক নেতাগৰাকী কাৰাবন্দী হৈ থকা অৱস্থাত শাৰীৰিক অসুস্থ হৈ পৰাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালতো সাক্ষাৎত কৰিছিল।
উল্লেখ কা’ বিৰুদ্ধে শিল্পী মানস ৰবীনে আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। কৃষক নেতা গগৈৰ মুক্তি বাবেও বিভিন্ন সময়ত তেওঁ দাবী জনায় আহিছে।












