
অৱশেষত সকলো জল্পনা-কল্পনা অন্ত পেলাই ২৫ আগষ্টত কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব কণ্ঠশিল্পী বাবু বৰুৱাই। কা’ বিৰোধী শিল্পীগৰাকীয়ে ৰাষ্ট্ৰীয় দলটোত যোগদান কৰাৰ কথা সংবাদ মাধ্যমৰ সন্মুখত নিজে প্ৰকাশ কৰিছে। উল্লেখ পূৰ্বৰ দৰে কা’ বিৰোধিতাৰে কংগ্ৰেছত যোগদান কৰিব লগা কণ্ঠশিল্পীগৰাকীয়ে আগন্তক ২১ৰ নিৰ্বাচনত দলে দিলে পশ্চিম গুৱাহাটীৰ প্ৰাৰ্থী হ’ব।
তাত্পৰ্যপূৰ্ণ কথা এই যে বিধানসভা নিৰ্বাচনলৈ মাজত কেইটামান মাহ বাকী থকা অৱস্থাত ৰাজ্য একাংশ গায়ক, শিল্পী, অভিনেতা, অভিনেত্ৰী ৰাজনৈতিক দলত যোগদান কৰাৰ জোঁৱাৰ উঠিছে।












