
শিৱসাগৰৰ পৰা আজিজ আলি
টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্রদানৰ দাবীত টাই আহোম যুব পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্রীয় সমিতিৰ আহ্বানত শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্রদান কৰা, নাগৰিকত্ব সংশোধনী
আইন (CAA) আৰু পৰিৱেশৰ ওপৰত প্রভাৱ মল্যাংকন অধ্যাদেশ ২০২০ (EIA-2020) বাতিলৰ দাবীত শিৱসাগৰ জিলা উপায়ুক্ত কার্যালয়ৰ সন্মুখত দুঘণ্টীয়া অবস্থান ধর্মঘট কার্যসূচী অনুষ্ঠিত কৰে।
শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা অহা টাইপাৰ অর্ধশতাধিক কৰ্মীয়ে N০ ST, No Rest টাই আহোমক জনজাতিকৰণ প্রদান কৰক, ‘কে্দ্রীয় চৰকাৰ মুদবাদ’, সোণোৱাল চৰকাৰ হায় হায় ‘CAA বাতিল কৰক’, ‘EIA2020 বাতিল কৰক’, টাইপা জিন্দাবাদ ইত্যাদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে। কার্যসূচীৰ শেষত টাইপাৰ শিবসাগৰ জিলা সমিতিৰ সভাপতি সুৰজ গগৈ, কার্যকৰী সভাপতি দীপক চেতিয়া আৰু যুটীয়া সম্পাদক জয়ন্ত বৰগোঁহাইৰ স্বাক্ষৰিত একোখনকৈ স্মাৰক-পত্র ভাৰত চৰকাৰৰ প্রধানমন্ত্রী আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰীলৈ প্রেৰণ কৰে।
আনহাতে টাইপাৰ কেন্দ্রীয় সমিতিৰ সম্পাদকদয় দিগন্ত তামুন্সী আৰু দ্বীপজ্যোতি দুৱৰাই জানিবলৈ দিয়া মতে টাইপাৰ কেন্দ্রীয় সমিতিৰ আহ্বানত প্রতিখন জিলা আৰু মহকুমাৰ সদৰত টাইপাৰ স্থানীয় সমিতিসমুহৰ উদ্যোগত এই কার্যসূটী ৰূপায়ণৰ যোগেদি কেন্দ্রীয় আৰু ৰাজ্য
চৰকাৰক সকীয়াই দিব বিচৰা হৈছে। যদি শীঘ্ৰে টাই আহোমসকলক জনজাতিৰ মর্যাদা আৰু স্বায়ত্ত শাসন প্রদান নকৰে আৰু নাগৰিকত্ব সংশোধনী আইন, পৰিবেশৰ ওপৰত প্রভাব মুল্যাকণ অধ্যাদেশ ২০২০ বাতিল নকৰে তেন্তে অসমত অনুষ্ঠিত হ’বলগা বিধানসভা নির্বাচনত বিজেপি চৰকাৰৰ বিৰুদ্ধে প্রৱল জনমত গাঢ়ি তুলিব বুলি কেন্দ্রীয় নেতাদ্বয়ে প্রকাশ কৰে।











