![]()
লংকা : যোৱা ১২ আগষ্টৰ নিশা লংকাৰ বৰদলঙত সংঘটিত হৈছিল এক মাৰপিটৰ ঘটনা। জাকিৰ হুছেইন নামৰ এজন ব্যক্তিক এটি দূৰ্বৃত্তৰ দলে মাৰপিট কৰাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা চলাইছিল। পিচত জাকিৰ হুছেইনক পৰিয়ালৰ লোকে ঘটনাস্হলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ কিন্তু চিকিৎসাধীন অৱস্হাত গুৱাহাটীত কালি শেষ নিশ্বাস ত্যাগ কৰে জাকিৰ হুছেইনে। পিছত মৃতদেহটো কালি সন্ধিয়া ভাগলৈ লৈ অহা হয় লংকাৰ বৰদলংস্হিত নিজ গৃহলৈ৷ ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে লংকা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল।
কিন্তু আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গুৰুত্ব নিদিয়াৰ লগতে অপৰাধীক আটক কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈছে ৷
আনহাতে জাকিৰ হুছেইনৰ মৃতদেহ লংকাৰ বৰদলং নিজ গৃহ পোৱাৰ পিছত স্হানীয় ৰাইজে প্ৰতিবাদ সাৱ্যস্ত কৰে। উল্লেখ্য যে বিগত কিছু দিনৰ পূৰ্বে বৰদলং অঞ্চলত ড্ৰাগছ ব্যৱসায়ৰ কৰা লোকক বাধা দিছিল জাকিৰে আৰু তাৰ প্ৰতিশোধ ল’বলৈ এনেদৰে দুৰ্বৃত্তৰ দলটোৱে জাকিৰক পৰিকল্পিতভাৱে মাৰধৰ কৰি হত্যা কৰা চেষ্টা চলাইছিল বুলি স্হানীয় লোকে জানিবলৈ দিয়ে।











