নিউজ ডেক্স:
আনল’ক-৪ৰ নতুন গাইডলাইন জাৰি কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে। এই গাইডলাইন অনুসৰি দেশৰ যিবোৰ স্থান কন্টেইনমেন্ট হিচাপে ঘোষণা কৰা হৈছে সেই স্থান সমূহত অহা ৩০ ছেপ্টেম্বৰ, লৈ লকডাউন অব্যাহত থাকিব।
গাইডলাইন অনুসৰি আনল’ক-৪ত বহুখিনি শিথলাত প্ৰদান কৰা হৈছে। বিদ্যালয়, মহাবিদ্যালয়, শিক্ষানুষ্ঠান, কোচিং ইনষ্টিটিউট আদি ৩০ ছেপ্টেম্বৰলৈ বন্ধ থাকিব।
নতুন গাইডলাইনত আৰু বহু শিথিলতা প্ৰদান কৰা হৈছে-
# অনলাইন শিক্ষাদানৰ বাবে ২১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠানসমূহলৈ ৫০ শতাংশ শিক্ষক তথা কৰ্মচাৰীসকল যাব পাৰিব।
# নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়লৈ যাব পাৰিব।
# আইটিআই বা আনবোৰ কাৰিকৰী শিক্ষাৰে জড়িত শিক্ষানুষ্ঠান/ইনষ্টিটিউটসমূহ খুলিব পাৰিব।
# ৭ ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ কৰা হ’ব মেট্ৰ ৰেল সেৱা।
# ২১ ছেপ্টেম্বৰৰ পৰা ৰাজহুৱা সভা, ধাৰ্মিক অনুষ্ঠান, ৰাজনৈতিক সভা আদি অনুষ্ঠিত কৰিব পৰা যাব।
# এই অনুষ্ঠান বা সভাসমূহত উপস্থিত থাকিব পাৰিব সৰ্বাধিক ১০০জন লোক।
# অনুষ্ঠানসমূহত সকলোৱে মাস্ক পৰিধান কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।
# অৱশ্যে বিবাহ অনুষ্ঠানত ৫০জন আৰু অন্ত্যেষ্টিক্ৰিয়াত ২০জনতকৈ অধিক লোকহে উপস্থিত থাকিব পাৰিব।
# ৰাজ্য চৰকাৰসমূহে কন্টেইনমেন্ট জ’নৰ বাহিৰে আন কোনো স্থানত লকডাউন নিজাববীয়াকৈ জাৰি কৰিব নোৱাৰিব।
# ইয়াৰে বাবে কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰে আলোচনা কৰিব লাগিব।
# আন্তঃজিলা আৰু আন্তঃৰাজ্যিক ভ্ৰমণত কোনো বাধা নাথাকিব।
# ৬৫ বছৰ উৰ্ধৰ ব্যক্তি, সন্তান সম্ভৱা মহিলা, ১০ বছৰৰ তলৰ শিশু ঘৰত থাকিব লাগিব।
# এই গাইডলাইন ৰাজ্য চৰকাৰে সালসলনি কৰিব নোৱাৰিব।
# ৰাজহুৱা , কাৰ্যালয়ত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।
# সামাজিক দূৰত্ব বৰ্তাই ৰাখিব লাগিব।
# ৰাজহুৱা স্থানত থু-পিক পেলাব নোৱাৰিব।











