ষ্টেট বেংকৰ কৰ্মচাৰীসকলৰ বাবে এটা দুখবৰ। বছৰটোৰ শেষত ষ্টেট বেংকে দিব ইয়াৰ ৩০ হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ। ইয়াৰ এটাই উদ্দেশ্য, খৰচ কমোৱা। উল্লেখযোগ্য যে চলিত বছৰৰ আৰম্ভণিতে দেশৰ সৰ্ববৃহৎ টেলিকম কোম্পানী বিএছএনএলে কেইবা হাজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক (ভিআৰএছ) অৱসৰ প্ৰদান কৰিছিল।
জানিব পৰা মতে, অহা ১ ডিচেম্বৰৰ এইসকল কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ পৰিকল্পনা কৰিছে দেশৰ সৰ্ববৃহৎ চৰকাৰী খণ্ডৰ বেঙ্কটোৱে। ইতিমধ্যে ইয়াৰ বাবে প্ৰস্তুত হৈছে এই সংক্রান্ত প্রকল্পৰ খচৰা। এই খচৰা এতিয়া বেঙ্কটোৰ মেনেজিং কমিটিৰ অনুমোদনৰ অপেক্ষাত আছে।
উল্লেখযোগ্য যে যোৱা বছৰটোত বেংকটোত থকা ২.৫৭ লাখ কৰ্মচাৰীৰ পৰা কমি এই বছৰ মার্চত হয় ২.৪৯ লাখ। পৰিকল্পনা অনুসৰি, যিসকল কৰ্মচাৰী-বিষয়াই ২৫ বছৰৰ বেছি কাম কৰিছে অথবা যিসকলৰ বয়স ৫৫ বছৰৰ বেছি, চর্তসাপেক্ষে তেওঁলোক এই প্রকল্পৰ যোগ্য বুলি বিবেচিত হ’ব। সকলো মিলাই সেই সংখ্যা ৩০,১৯০। যিসকলৰ যিমান বছৰ চাকৰি আছে, তেওঁলোকে এক্স-গ্ৰেচীয়া হিচাপে সিমান দিনৰ ৫০% বেতন পাব। কিন্তু মুঠ হিচাব ভিআৰএছৰ সময়ৰ বেতনৰ ১৮ মাহৰ বেছি নহ’ব।










