পুনৰ পূব লাডাখত লাইন অব একচুৱেল কন্ট্রোলত গুলিচালনাৰ ঘটনা ঘটা বুলি খবৰ পোৱা গৈছে। ইয়াতেই তিনি মাহ ধৰি দুই পক্ষৰ সেনা মোতায়েন আছে। আৰু কেইবাবাৰো সংঘর্ষৰ ঘটনা ঘটিছে।
ভাৰতে বৰ্তমান সেনা আৰু কূটনৈতিক কৌশলেৰে চীনক বেকফুটলৈ ঠেলি দিছে।
প্যাংগং হ্ৰদৰ দক্ষিণ প্রান্তত এটি কৌশলগত অৱস্থান নিজৰ দখললৈ আনিছে। যাৰ ফলত ভাৰতীয় সীমাত সহজতে আক্ৰমণ কৰিব পৰা নাই চীনৰ সেনাই। আৰু সেই বাবেই সীমান্তত কিছু হ’লেও বেকফুটত থকা চীনে বাৰম্বাৰ পৰিস্থিতি অশান্ত কৰাৰ চেষ্টা কৰি আহিছে।










