নিউজ ডেক্স:
পুনৰ বাংলাদেশত দুৰ্ঘটনা। দুৰ্ঘটনাত পতিত এখন যাত্ৰীবাহী ফেৰী।দুৰ্ঘটনাটোত প্ৰাণ হেৰুৱাইছে প্ৰায় ১১জন যাত্ৰীয়ে।জানিব পৰা মতে, ফেৰীখনত আছিল প্ৰায় ৪০জন যাত্ৰী।
বহু কেইজন যাত্ৰী নিৰুদ্দেশ হৈ আছে।বাংলাদেশৰ গুমাই নদীত সংঘটিত হৈছে এই ঘটনা।বৰ্তমানলৈ ১১টা মৃতদেহ উদ্ধাৰ কৰা হৈছে।উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা যায়।










