সুশান্ত সিং ৰাজপুতৰ অস্বাভাৱিক মৃত্যু গোচৰত আৰু দুজনক গ্রেপ্তাৰ কৰে নাৰকোটিক্স কণ্ট্ৰোল ব্যুৰোৱে। মঙ্গলবাৰে এই কথা জনায় মুম্বাইত তদন্ত চলোৱা এনচিবিৰ স্পেচিয়েল ইনভেষ্টিগেচন টিম (ছিট)ৰ এগৰাকী বিষয়াই। ইয়াৰ পূৰ্বে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্রৱর্তীসহ মুঠ ১৬ জনক গ্রেপ্তাৰ কৰিছে এনচিবিয়ে।
আনহাতে, দিল্লীৰ এইমছৰ যিটো চিকিৎসকৰ দলে প্রয়াত অভিনেতাগৰাকীৰ পোষ্টমৰ্টেম ৰিপোৰ্ট পুনৰ পৰীক্ষা কৰিছে, তেওঁলোকে অহা সপ্তাহত তেওঁলোকৰ ৰিপোর্ট চিবিআইয়ৰ ওচৰত জমা দিব। কালি এইমছ সূত্রে জনোৱা হৈছে, এই ৰিপোর্টত সুশান্তৰ মৃত্যুৰ কাৰণ নিশ্চিতভাবে উল্লেখ থাকিব।
উল্লেখ্য যে ১৪ জুনৰ পুৱা বান্দ্রাৰ ফ্লেটত ৩৪ বছৰীয়া অভিনেতাগৰাকীৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হৈছিল।
সেইদিনাই পোষ্টমৰ্টেম কৰে মুম্বাইৰ কুপাৰ হস্পিটেলৰ পাঁচজন চিকিৎসকৰ এটি দলে। তেওঁলোকৰ ৰিপোর্টত লিখা আছিল, ‘চিপ লোৱা অৱস্থাত শ্বাসৰুদ্ধ হৈ মৃত্যু’। সেই ৰিপোর্টত এই মৃত্যুক ‘আত্মহত্যা’ আখ্যা দি কোৱা হৈছিল, ‘‘শৰীৰত অন্য কোনো আঘাতৰ চিহ্ন নাই।’’
মুম্বাই আৰক্ষীৰ তত্ত্বাৱধানত হোৱা সেই পোষ্টমৰ্টেমক লৈ অসন্তোষ প্রকাশ কৰে বিহাৰ আৰক্ষীয়ে। পিছত চিবিআইয়ে তদন্তভাৰ গ্রহণ কৰি তেওঁলোকে সুশান্তৰ ভিছেৰা আৰু অটপ্সি ৰিপোর্ট পুনৰ পৰীক্ষাৰ বাবে পঠায় এইমছলৈ।