২০২০ বৰ্ষৰ আইপিএলৰ প্ৰথমটো বল পৰিবলৈ মাজত মাথোঁ কেইটামান ক্ষণ। কৰোনা ভাইৰাছৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতিত এইবাৰৰ টুর্নামেন্ট অনুষ্ঠিত হৈ সংযুক্ত আৰব ৰাষ্ট্ৰত। আবুধাবি, ডুবাই আৰু ছাৰজাহৰ তিনিটা ষ্টেডিয়ামত হ’ব মেচসমূহ।
আইপিএল মানেই চাৰি-ছয়ৰ জোৱাৰ, বলাৰৰ বিৰুদ্ধে বিধ্বংসী বেটিং আৰু স্কোৰ বোর্ডত ৰানৰ পাহাৰ। কিন্তু আৰবত এইবাৰ সেই ছবি দেখাৰ সম্ভাৱনা হয়তো কম। কাৰণ ষ্টেডিয়ামসমূহৰ আকাৰ যথেষ্ট বেছি। তাৰ উফৰি পিটচ ক্রমশঃ মন্থৰ হ’ব বুলি অনুমান কৰিছে ক্রিকেট মহলে। সেই কাৰণে এইবাৰৰ আইপিএলত বাউণ্ডেৰী বা অভাৰ বাউণ্ডেৰীৰ সংখ্যা কমিব পাৰে বুলিয়েই অনুমান কৰা হৈছে। আহক এবাৰ পৰ্যালোচনা কৰো ষ্টেডিয়াম তিনিটাৰ৷
ডুবাই আন্তর্জাতিক ক্রিকেট ষ্টেডিয়াম
ডুবাই আন্তর্জাতিক ক্রিকেট ষ্টেডিয়ামৰ আসন সংখ্যা ২৫,০০০ হ’লেও ৩০ হাজাৰ পর্যন্ত দর্শক বহাৰ ব্যৱস্থা আছে। ২০০৯ চনত নিৰ্মাণ হয় এই ষ্টেডিয়ামখন। প্রথম এদিনীয়া মেচখন হৈছিল অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত। ডুবাই আন্তর্জাতিক ক্রিকেট ষ্টেডিয়ামত প্রথম বলাৰ হিচাবে চাহিদ আফ্রিডিয়ে পাঁচটা উইকেট দখল কৰিছিল।
মেচখনত জয়ী হৈছিল পাকিস্তান। ২০১৬ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত পাকিস্তানৰ বেটছমেন আজহাৰ আলিয়ে এই ষ্টেডিয়ামতে অপৰাজিত ৩০২ ৰানৰ ইনিংছ খেলিছিল। এইটোৱে ষ্টেডিয়ামখনত ব্যক্তিগত সর্বোচ্চ স্কৰ। এইবাৰৰ আইপিএলৰ ২৪খন মেচ হ’ব ডুবাই আন্তর্জাতিক ক্রিকেট ষ্টেডিয়ামত।
২০১৪ চনৰ আইপিএলত কিংছ ইলেভেন পঞ্জাবে এই ষ্টেডিয়ামতেই পাঁচ উইকেটত পৰাজিত কৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বাঙ্গালোৰক। ইয়াত দুখন মেচৰ ভিতৰত দিল্লী জয়ী হৈছিল এখনত। এই ষ্টেডিয়ামৰ উইকেট স্পিনাৰ আৰু বেটছমেন সহায়ক।
ছাৰজাহ ক্রিকেট ষ্টেডিয়াম
১৯৮২ চনত ষ্টেডিয়ামখন নিৰ্মাণ হয়। ইয়াৰ আসন সংখ্যা ১৭ হাজাৰ। ভাৰত-পাকিস্তানৰ একাধিক এদিনীয়া মেচ অনুষ্ঠিত হৈছে এই ষ্টেডিয়ামত। ইয়াতেই চেতন শর্মাৰ শেষ বলত ছয় কোবাই পাকিস্তানক মেচ উপহাৰ দিছিল জাভেদ মিঞাদাদে।
এই ষ্টেডিয়ামত ১৯৯৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মৰু ধুমুহা সৃষ্টি কৰিছিল শচীন তেণ্ডুলকাৰে। সেইবাৰ ত্রিদেশীয় শৃংখলাত জয়ী হৈছিল ভাৰত। এইবাৰৰ আইপিএলৰ ১২খন মেচ হ’ব ছাৰজাহ ষ্টেডিয়ামতে। ২০১৪ চনৰ আইপিএলত ছয়খন মেচ ইয়াত অনুষ্ঠিত হৈছিল।
শ্বেখ জায়েদ ষ্টেডিয়াম (আবুধাবি)
২০ হাজাৰ আসন বিশিষ্ট এই ষ্টেডিয়ামত এইবাৰৰ আইপিএলৰ উদ্বোধনী মেচ অনুষ্ঠিত হৈছে। প্রথম মেচত মুখামুখী হৈছে মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ। অৱশ্যে এইবাৰ ইনড’ৰ ষ্টেডিয়ামতেই হ’ব খেলা। ২০০৪ চনত ষ্টেডিয়ামখন নিৰ্মাণ হয়। প্রথম মেচখন আছিল স্কটলেণ্ড-কেনিয়াৰ। সেইখন ঈছিল ইণ্টাৰ কন্টিনেন্টেল কাপৰ মেচ।
২০০৯ চনত লাহোৰত শ্রীলঙ্কা ক্রিকেট দলৰ ওপৰত সন্ত্রাসবাদী আক্ৰমণৰ পিছত ঘৰুৱা ষ্টেডিয়ামত হোম মেচ আয়োজন কৰিব পৰা নাই পাকিস্তানে। ফলত অষ্ট্ৰেলিয়া, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে শৃংখলা এই ষ্টেডিয়ামতে আয়োজন কৰিছিল পাক ৰাষ্ট্ৰীয় দলে।
২০০৬ চনত এই ষ্টেডিযামতে ভাৰত-পাকিস্তানৰ মাজত ফ্রেইণ্ডশ্বিপ এদিনীয়া শৃংখলা হৈছিল। সেয়াই আছিল ষ্টেডিয়ামখনৰ প্রথম শৃংখলা। ভাৰতত লোকসভা নির্বাচনৰ বাবে ২০১৪ চনৰ আইপিএলৰ প্রথমার্ধ অনুষ্ঠিত হৈছিল আৰবত। এই ষ্টেডিয়ামতেই সেইবাৰৰ উদ্বোধনী মেচ অনুষ্ঠিত হৈছিল কেকেআৰ আৰু এমআইৰ মাজত।
আইপিএলৰ দলসমূহৰ ভিতৰত ৰাজস্থান ৰয়েলছ সকলোতকৈ সফল শ্বেখ জায়েদ ষ্টেডিয়ামত। চেন্নাই ছুপাৰ কিংছে দুখন মেচৰ ভিতৰত ইয়াত এখনত জয়লাভ কৰিছে। মুম্বাই ইণ্ডিয়ানছে এইখন ষ্টেডিয়ামত মাত্র এবাৰেই খেলিছে আৰু পৰাজিত হৈছে। এইবাৰৰ আইপিএল লীগৰ ১৯খন মেচ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।