ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

এইবাৰৰ আইপিএলত কমিব পাৰে চাৰি-ছয়ৰ জোৱাৰ!

ASSAM TIMES POST by ASSAM TIMES POST
September 19, 2020
Reading Time: 1 min read
A A
0
এইবাৰৰ আইপিএলত কমিব পাৰে চাৰি-ছয়ৰ জোৱাৰ!

logo new 2 12 | ASSAM TIMES POST
স্পৰ্টছ ডেস্কঃ

RELATED POSTS

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

২০২০ বৰ্ষৰ আইপিএলৰ প্ৰথমটো বল পৰিবলৈ মাজত মাথোঁ কেইটামান ক্ষণ। কৰোনা ভাইৰাছৰ বাবে উদ্ভৱ হোৱা পৰিস্থিতিত এইবাৰৰ টুর্নামেন্ট অনুষ্ঠিত হৈ সংযুক্ত আৰব ৰাষ্ট্ৰত। আবুধাবি, ডুবাই আৰু ছাৰজাহৰ তিনিটা ষ্টেডিয়ামত হ’ব মেচসমূহ।

আইপিএল মানেই চাৰি-ছয়ৰ জোৱাৰ, বলাৰৰ বিৰুদ্ধে বিধ্বংসী বেটিং আৰু স্কোৰ বোর্ডত ৰানৰ পাহাৰ। কিন্তু আৰবত এইবাৰ সেই ছবি দেখাৰ সম্ভাৱনা হয়তো কম। কাৰণ ষ্টেডিয়ামসমূহৰ আকাৰ যথেষ্ট বেছি। তাৰ উফৰি পিটচ ক্রমশঃ মন্থৰ হ’ব বুলি অনুমান কৰিছে ক্রিকেট মহলে। সেই কাৰণে এইবাৰৰ আইপিএলত বাউণ্ডেৰী বা অভাৰ বাউণ্ডেৰীৰ সংখ্যা কমিব পাৰে বুলিয়েই অনুমান কৰা হৈছে। আহক এবাৰ পৰ্যালোচনা কৰো ষ্টেডিয়াম তিনিটাৰ৷

ডুবাই আন্তর্জাতিক ক্রিকেট ষ্টেডিয়াম

20f00440 0160 4538 b586 e807377439f9 | ASSAM TIMES POSTডুবাই আন্তর্জাতিক ক্রিকেট ষ্টেডিয়ামৰ আসন সংখ্যা ২৫,০০০ হ’লেও ৩০ হাজাৰ পর্যন্ত দর্শক বহাৰ ব্যৱস্থা আছে। ২০০৯ চনত নিৰ্মাণ হয় এই ষ্টেডিয়ামখন। প্রথম এদিনীয়া মেচখন হৈছিল অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত। ডুবাই আন্তর্জাতিক ক্রিকেট ষ্টেডিয়ামত প্রথম বলাৰ হিচাবে চাহিদ আফ্রিডিয়ে পাঁচটা উইকেট দখল কৰিছিল।

মেচখনত জয়ী হৈছিল পাকিস্তান। ২০১৬ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্টত পাকিস্তানৰ বেটছমেন আজহাৰ আলিয়ে এই ষ্টেডিয়ামতে অপৰাজিত ৩০২ ৰানৰ ইনিংছ খেলিছিল। এইটোৱে ষ্টেডিয়ামখনত ব্যক্তিগত সর্বোচ্চ স্কৰ। এইবাৰৰ আইপিএলৰ ২৪খন মেচ হ’ব ডুবাই আন্তর্জাতিক ক্রিকেট ষ্টেডিয়ামত।

২০১৪ চনৰ আইপিএলত কিংছ ইলেভেন পঞ্জাবে এই ষ্টেডিয়ামতেই পাঁচ উইকেটত পৰাজিত কৰিছিল ৰয়েল চেলেঞ্জাৰ্ছ বাঙ্গালোৰক। ইয়াত দুখন মেচৰ ভিতৰত দিল্লী জয়ী হৈছিল এখনত। এই ষ্টেডিয়ামৰ উইকেট স্পিনাৰ আৰু বেটছমেন সহায়ক।

ছাৰজাহ ক্রিকেট ষ্টেডিয়াম

39aec520 0780 4f69 88ea ca3aa08e7d92 | ASSAM TIMES POST১৯৮২ চনত ষ্টেডিয়ামখন নিৰ্মাণ হয়। ইয়াৰ আসন সংখ্যা ১৭ হাজাৰ। ভাৰত-পাকিস্তানৰ একাধিক এদিনীয়া মেচ অনুষ্ঠিত হৈছে এই ষ্টেডিয়ামত। ইয়াতেই চেতন শর্মাৰ শেষ বলত ছয় কোবাই পাকিস্তানক মেচ উপহাৰ দিছিল জাভেদ মিঞাদাদে।

এই ষ্টেডিয়ামত ১৯৯৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মৰু ধুমুহা সৃষ্টি কৰিছিল শচীন তেণ্ডুলকাৰে। সেইবাৰ ত্রিদেশীয় শৃংখলাত জয়ী হৈছিল ভাৰত। এইবাৰৰ আইপিএলৰ ১২খন মেচ হ’ব ছাৰজাহ ষ্টেডিয়ামতে। ২০১৪ চনৰ আইপিএলত ছয়খন মেচ ইয়াত অনুষ্ঠিত হৈছিল।
শ্বেখ জায়েদ ষ্টেডিয়াম (আবুধাবি)

২০ হাজাৰ আসন বিশিষ্ট এই ষ্টেডিয়ামত এইবাৰৰ আইপিএলৰ উদ্বোধনী মেচ অনুষ্ঠিত হৈছে। প্রথম মেচত মুখামুখী হৈছে মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ। অৱশ্যে এইবাৰ ইনড’ৰ ষ্টেডিয়ামতেই হ’ব খেলা। ২০০৪ চনত ষ্টেডিয়ামখন নিৰ্মাণ হয়। প্রথম মেচখন আছিল স্কটলেণ্ড-কেনিয়াৰ। সেইখন ঈছিল ইণ্টাৰ কন্টিনেন্টেল কাপৰ মেচ।

২০০৯ চনত লাহোৰত শ্রীলঙ্কা ক্রিকেট দলৰ ওপৰত সন্ত্রাসবাদী আক্ৰমণৰ পিছত ঘৰুৱা ষ্টেডিয়ামত হোম মেচ আয়োজন কৰিব পৰা নাই পাকিস্তানে। ফলত অষ্ট্ৰেলিয়া, ইংলেণ্ড, ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড আৰু দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে শৃংখলা এই ষ্টেডিয়ামতে আয়োজন কৰিছিল পাক ৰাষ্ট্ৰীয় দলে।

২০০৬ চনত এই ষ্টেডিযামতে ভাৰত-পাকিস্তানৰ মাজত ফ্রেইণ্ডশ্বিপ এদিনীয়া শৃংখলা হৈছিল। সেয়াই আছিল ষ্টেডিয়ামখনৰ প্রথম শৃংখলা। ভাৰতত লোকসভা নির্বাচনৰ বাবে ২০১৪ চনৰ আইপিএলৰ প্রথমার্ধ অনুষ্ঠিত হৈছিল আৰবত। এই ষ্টেডিয়ামতেই সেইবাৰৰ উদ্বোধনী মেচ অনুষ্ঠিত হৈছিল কেকেআৰ আৰু এমআইৰ মাজত।

আইপিএলৰ দলসমূহৰ ভিতৰত ৰাজস্থান ৰয়েলছ সকলোতকৈ সফল শ্বেখ জায়েদ ষ্টেডিয়ামত। চেন্নাই ছুপাৰ কিংছে দুখন মেচৰ ভিতৰত ইয়াত এখনত জয়লাভ কৰিছে। মুম্বাই ইণ্ডিয়ানছে এইখন ষ্টেডিয়ামত মাত্র এবাৰেই খেলিছে আৰু পৰাজিত হৈছে। এইবাৰৰ আইপিএল লীগৰ ১৯খন মেচ শ্বেখ জায়েদ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

Tags: Featured2
Share4Tweet3Send

Related Posts

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

by News Desk
June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

by News Desk
June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

by News Desk
June 27, 2026
50
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

by Staff Reporter
June 27, 2026
50
DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’
National-International

DRDO I  আকাশত পাকিস্তান-চীনক মোকাবিলা কৰিবলৈ আহি আছে ‘নেত্ৰ’

by Staff Reporter
June 27, 2026
50
Project Freedom : প্ৰজেক্ট ফ্ৰীডম! ট্ৰাম্পে হৰমুজ প্ৰণালীত নতুন অভিযান ঘোষণা
National-International

US Iran connflict I ইৰাণক পুনৰ আক্ৰমণ আমেৰিকাৰ, হৰমুজত জাহাজ আক্ৰমণৰ প্ৰতিশোধ

by Staff Reporter
June 27, 2026
50
ADVERTISEMENT
Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ
National-International

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
50
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত
National-International

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
50
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ
National-International

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026
50
New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত
National-International

New IB chief I দেশৰ পৰৱৰ্তী আই বি মুৰব্বী মহেশ দীক্ষিত

June 27, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

Gautam Adani : ট্ৰাম্পৰ পুত্ৰৰ সৈতে আদানীৰ বৈঠকক লৈ সমগ্ৰ বিশ্বতে চৰ্চা, হঠাৎ কি আহিল এই প্ৰসংগ

June 27, 2026
Ketan Agarwal murder case : হ’বলগীয়া স্বামীক হত্যা কৰিবলৈ বাগদত্তাই কৰা কাৰ্যত সমগ্ৰ দেশ স্তম্ভিত

Pune murder case : মূৰত উইগ পিন্ধাৰ বাবেই হত্যা ? কেতন আগৰৱালা হত্যাকাণ্ডক লৈ পিতৃৰ চাঞ্চল্যকৰ দাবী

June 27, 2026
Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

Ram Mandir : ৰাম মন্দিৰৰ পৰা চুৰি হোৱা ৮০ লাখ টকা উদ্ধাৰ

June 27, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx