আৰ মাত্ৰ কিছু ক্ষণৰ অপেক্ষা। তাৰ পিছতেই পুনৰ ক্রিকেট ষ্টেডিয়ামত দেখা যাব মহেন্দ্ৰ সং ধোনিক। ঠিক ৪৩৬ দিন পিছত তেওঁ উভতিছে বাইছ গজৰ জগতলৈ।আবুধাবিত শনিবাৰে সন্ধ্যা ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব আইপিএলৰ উদ্বোধনী মেচ। য’ত ৰোহিত শর্মাৰ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখী হ’ব ধোনিৰ চেন্নাই ছুপাৰ কিংছ।
মেচখনত ক্রিকেট মহলৰ আকৰ্ষণৰ কেন্দ্রবিন্দু ধোনি। যোৱা বছৰ ইংলেণ্ডত অনুষ্ঠিত বিশ্বকাপৰ ছেমিফাইনালত তেওঁৰ শেষবাৰৰ বাবে দেখা গৈছিল। মার্টিন গপ্টিলৰ থ্রত ৰান আউট হোৱাৰ ইমান দিন পিছত ধোনি নামিব প্রতিযোগিতামূলক মেচত। আন্তর্জাতিক ক্রিকেটক বিদায় জনোৱাৰ ৩৪ দিন পিছত ফ্ৰেন্সাইজি ক্রিকেট লীগত নমা ‘কেপ্টেইন কুল’ৰ দিশে দৃষ্টি সকলোৰে।
ইতিমধ্যে ছচিয়েল মিডিয়াত ইয়াকে লৈ অনুৰাগীসকলৰ চর্চা চলিছে। এজনে লিখিছে, “অৱশেষত দ্য কিং আৱির্ভূত হ’ল ৬,২৭,৮৪০ মিনিট, ১০,৪৬৪ ঘন্টা, ৬২ সপ্তাহ, ৪৩৬ দিনৰ পিছত।” এজনে লিখিছে, “এবাৰ ভাবক, ধোনিক স্ক্রিনত দেখি কিমান মানুহৰ মুখত হাঁহি বিৰিঙিব।” আন এজনে লিখিছে, “ধোনিক চোৱাৰ বাবে আৰু অপেক্ষা কৰিব পৰা নাই।”উল্লেখ্য যে আইপিএলত তিনিবাৰ চেন্নাইৰ হৈ ট্রফি জয় কৰিছে ধোনিয়ে। যোৱাবাৰৰ আইপিএলত ৰানাৰ্ছ-আপ আছিল তেওঁৰ দল।










