ক’ৰোনাৰ ফলত দীর্ঘ বিৰতিৰ পিছত আৰবত আৰম্ভ হৈছে আইপিএল। দর্শকশূন্য ষ্টেডিয়ামতেই খেলিবলগা হৈছে ক্রিকেটাৰসকলে। এনে পৰিস্থিতিত যে টিভি আৰু ডিজিটেল পর্দাত দর্শকৰ সংখ্যাই ৰেকর্ড সৃষ্টি কৰিব, তেনে আশাই কৰিছিল সম্প্রচাৰকাৰী চেনেলবোৰে। কিন্তু আশাতীত ফল যে লাভ কৰিব সেয়া হয়তো কাহানিও ভাবিব পৰা নাছিল।
উদ্বোধনী মেচতেই সৃষ্টি হ’ল বিশ্ব ৰেকর্ড!মার্চ মাহৰ পিছত ক’ৰোনাৰ বাবে স্তব্ধ হৈ গৈছিল খ্ৰীড়া বিশ্ব। শ্মশানৰ নিস্তব্ধতা নামিছিল বাইশ গজত। আইপিএল ঘোষণা হওঁতেই যেন স্বস্তি ঘূৰি আহে। কৰোনাৰ বতৰত সন্ধ্যা চাৰে ৭টাৰ পৰা দেশত যেন কার্যত অঘোষিত কাৰফিউই জাৰি হৈ গৈছে।
প্রথম মেচতেই তাৰ প্রমাণ পোৱা গ’ল। টিভিৰ পর্দাত ধোনিৰ চেন্নাই বনাম ৰোহিতৰ মুম্বাইৰ যুঁজ চালে ৰেকর্ড সংখ্যক দর্শকে। ভাৰতীয় ক্রিকেট কন্ট্রোল বোর্ডৰ সচিব জয় শ্বাহে নিজেই জনালে, ব্রডকাষ্ট অডিয়েন্স ৰিছার্চ কাউন্সিলৰ ৰিপোর্ট অনুযায়ী, টিভি আৰু অনলাইন প্লেটফর্মত ২০ কোটি লোক হাইভল্টেজ চেন্নাই-মুম্বাই মেচৰ সাক্ষী হৈ ৰ’ল। আজি পর্যন্ত বিশ্বৰ কোনো লীগ বা কোনো টুর্নামেন্টৰ উদ্বোধনী মেচ ইমান মানুহে উপভোগ কৰা নাই। অর্থাৎ আইপিএল ১৩ৰ প্রথম মেচৰ ভিউৱাৰশ্বিপে পৰাজিত কৰিছে ফুটবল বিশ্বকাপকো!
ক’ৰোনাৰ বাবে সকলো ক্রিকেটীয় শৃংখলা বন্ধ হৈ পৰাত এটা সময়ত মূৰৰ ওপৰত আকাশী সৰগ ভাঙি পৰাৰ দৰেই অৱস্থা হৈছিল বিচিচিআইৰ। ক্রিকেটলৈ উভতিলে নাহিলে প্রায় ৪ হাজাৰ কোটি টকাৰ ক্ষতিৰ মুখত পৰিবলগা হ’লহেঁতেন বোর্ড। সেয়ে আইপিএল আয়োজনৰ বাবে উত্ৰাৱল হৈ আছিল সৌৰভ গাংগুলী।