অষ্ট্ৰেলিয়াৰ প্রাক্তন ক্রিকেটাৰ ডিন জোন্সৰ পৰলোকপ্ৰাপ্তি ঘটিছে। হৃদৰোগত আক্রান্ত হৈ তেওঁৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৫৯ বছৰ। আইপিএলৰ ধাৰাভাষ্যকাৰৰ কামত তেওঁ ভাৰতত আছিল। প্রতিদিনেই তেওঁ ধাৰাভাষ্য আগবঢ়াইছিল মুম্বাইৰ ষ্টুডিঅৰ পৰা। অষ্ট্ৰেলিয়া জাতীয় দলৰ হৈ তেওঁ ৫২খন টেষ্ট আৰু ১৬৪খন এদিনীয়াত অংশগ্ৰহণ কৰিছিল।