নিউজ ডেক্স:
ভাৰত-চীনৰ মাজত মে’ মাহৰ পৰা লাদাখত সীমান্তক লৈ বিবাদ চলি আছে। বিগত পাঁচ মাহ ধৰি চীনৰ সৈতে যুঁজাত ব্যস্ত ভাৰতীয় সেনাৰ আর্মর্ড ৰেজিমেন্ট ১৪ হাজাৰ ৫০০ ফুটৰো বেছি উচ্চতাত চীনৰ সেনাৰ সৈতে মোকাবিলা কৰাৰ বাবে সম্পূর্ণভাবে প্রস্তুত।
সীমান্তৰ ওপৰৰ শত্রুৰ সৈতে মোকাবিলা কৰাৰ বাবে ভাৰতীয় সেনাই নিজৰ জোৱানসকলৰ বাবে নতুন আশ্রয় আৰু পূর্বনির্মিত আন্তঃগাঁঠনিবোৰক উন্নত কৰি ভয়ঙ্কৰ শীতৰ সৈতে যুঁজাৰ বাবে যুদ্ধকালীন তৎপৰতাত কাম কৰিছে।
সেনাই টি-৯০, টি-৭২ টেঙ্ক আৰু বিএমপি-২ ইনফ্রেন্ট্রি কমবেট ভেহকলৰ মাধ্যমেৰে চীনৰ সেনাৰ সৈতে মোকাবিলা কৰাৰ বাবে প্রস্তুত। এই টেঙ্কবোৰক মাইনাছ ৪০ ডিগ্রি তাপমাত্রাতো সঞ্চালন কৰা সম্ভব। পূব লাদাখত ভয়ঙ্কৰ শীত নামে। সেখানে নিশাৰ তাপমাত্র শূন্যৰ পৰা ৩৫ ডিগ্রি কমি যায় আৰু হাড় কঁপোৱা শীতল বতাহ বৈ থাকে।
১৪ কর্প্সৰ চীফ অব স্টাফৰ মেজৰ জেনেৰেল অৰবিন্দ কাপুৰে কয় টেঙ্ক, পদাতিক সেনাৰ যুঁজাৰু বাহন আৰু গধুৰ বন্দুকবোৰৰ ৰক্ষণাবেক্ষণ এই স্থানত প্ৰত্যাহ্বানৰ মুখত পেলাই দিয়ে। পূব লাদাখ অঞ্চলত য’ত সিন্ধু নদী প্রবাহিত হয় সেই অঞ্চলত নদী আৰু অন্যান্য প্রতিবন্ধকতাৰ সন্মুখত ভাৰতীয় টেঙ্ক ৰেজিমেন্টৰ সক্ষমতা সম্পূৰ্ণভাবে প্রদর্শিত হৈছে।
মেজৰ জেনেৰেল কাপুৰে কয়, ভাৰতীয় সেনাৰ যান্ত্রিক পদাতিক সেনাই যিকোনো বতৰ আৰু যিকোনো দুর্গম অঞ্চলত কাম কৰাৰ সম্পূর্ণ অভিজ্ঞতা অর্জন কৰিছে। উচ্চ গতিশীল গোলাবাৰুদ আৰু ক্ষেপণাস্ত্র সংগ্রহৰ দৰে সুবিধাৰ কাৰণে এওঁলোকে দীর্ঘম্যাদী যুঁজ কৰাৰ ক্ষমতা ৰাখে।










