ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

অভিলেখ সৃষ্টিৰ দিশে বাংলাদেশৰ ২০১ গম্বুজ বিশিষ্ট মছজিদ:

ASSAM TIMES POST by ASSAM TIMES POST
October 6, 2020
Reading Time: 1 min read
A A
0
অভিলেখ সৃষ্টিৰ দিশে বাংলাদেশৰ ২০১ গম্বুজ বিশিষ্ট মছজিদ:

New Logo Very Smal | ASSAM TIMES POST

RELATED POSTS

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

নিউজ ডেক্স:

বাংলাদেশৰ টাঙ্গাইল সদৰৰ পৰা ৩০ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশে গোপালপুৰ থানা সদৰ অৱস্থিত। তাৰ পৰা ১০ কিলোমিটাৰ উত্তৰ-পশ্চিমে নগদা শিমলা ইউনিয়নৰ দক্ষিণ পাথালিয়া গাঁৱত ২০১ গম্বুজ বিশিষ্ট মছজিদটো অৱস্থিত।

89e4b6b6 c38c 476a b303 fd92183bcd7f | ASSAM TIMES POST২০১৩ চনৰ জানুৱাৰী মাহত মুক্তিযোদ্ধা ৰফিকুল ইছলাম কল্যাণ ট্রাষ্টৰ উদ্যোগত মছজিদটোৰ নির্মাণ কাৰ্য আৰম্ভ হয়।নির্মাণকাৰ্যৰ উদ্বোধন কৰে মুক্তিযোদ্ধা ৰফিকুল ইছলাম কল্যাণ ট্রাষ্টৰ অধ্যক্ষ, ৰফিকুল ইছলামৰ মাতৃ ৰেজিয়া বেগমে।

নির্মাণাধীন মছজিদটোত ২০১৮ চনৰ পৰা পবিত্র ঈদৰ নামাজ আৰম্ভ হৈছে। শ্ববে বৰাত আৰু শ্ববে কদৰ উপলক্ষে মেহফিলো অনুষ্ঠিত হৈছে। মছজিদৰ বাঁও দিশে মাজাৰৰ দৰে এটি স্থপতি আছে। তাত এজন ব্যক্তিক কবৰ দিব পৰাকৈ স্থান আছে। তাতেই সমাধিস্থ হ’ব এই মছজিদটোৰ নির্মাতা মুক্তিযোদ্ধা ৰফিকুল ইছলাম।

d5ab534b c482 46aa 8691 9ac27bc0befd | ASSAM TIMES POSTমছজিদ সংলগ্ন দক্ষিণ-পশ্চিম দিশে ৪৫১ ফুট উচ্চতাৰ এটি বিশাল উচ্চতাৰ মিনাৰ নিৰ্মাণ কৰা হৈছে। প্রায় ৫৭ মহলাৰ উচ্চতাৰ ভৱনৰ সমান এই মিনাৰৰ ৫০ মহলা পর্যন্ত থাকিব লিফ্টৰ সুবিধা। নাম হ’ব ৰফিকুল ইছলাম টাৱাৰ। নির্মাণ শেষ হ’লে দিল্লীৰ কুতুব মিনাৰক চেৰ পেলাব ৰফিকুল টাৱাৰে। উল্লেখ্য যে কুতুব মিনাৰৰ উচ্চতা ২৪০ ফুট।মছজিদটোৰ পশ্চিমাংশত উত্তৰ-দক্ষিণে বৈ গৈছে যমুনাৰ শাখা জিনাই নদী।

ই মছজিদটোৰ সৌন্দর্যক দিছে অনন্য মাত্রা। মছজিদটোৰ উত্তৰ দিশে অৱস্থিত অজুখানা। বৃহৎ আকাৰৰ অজুখানাত বহি অজু কৰাৰ বাবে সৰু সৰু চকীৰ দৰে ১১৬খন আসন আছে। অজুখানাৰ ছাদ ছাইৰঙী ক্ষুদ্রকায় পাথৰৰ দৰে মোজাইক কৰা। তাত আছে মজলীয়া গভীৰ পানীৰ আধাৰ। সৌন্দর্য বৃদ্ধিৰ বাবে অজুখানাটি সামান্য বেঁকা কৰি নির্মাণ কৰা হৈছে।

দ্বিতীয় মহলাত প্রধান দুৱাৰখন নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে ৫০ মোন পিতল। ইয়াত একেলগে ১৫ হাজাৰ মুছল্লিয়ে নামাজ পঢ়িব পাৰিব। দুইতলাৰ এই মছজিদটো নির্মাণত ব্যৱহৃত হৈছে বিভিন্ন ধৰণৰ উন্নতমানৰ টাইলছ, যিবোৰ মিছৰৰ পৰা অনা হৈছে। মছজিদৰ অভ্যন্তৰৰ দেৱালৰ চাৰিওফালে এশাৰী টাইলছ লগোৱা হৈছে, য’ত খণ্ড খণ্ডকৈ সম্পূৰ্ণ পবিত্র কোৰান লিপিবদ্ধ।

মেহৰাবৰ কাষত মৃতদেহ ৰখাৰ বাবে শীতল ঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াত থাকিব জানাজাৰ ব্যৱস্থা। প্রায় ১৫ বিঘা ভূমিৰ ওপৰত নির্মাণাধীন এই মছজিদটো সম্পূর্ণ শীততাপ নিয়ন্ত্রিত হ’লেও ইয়াত সহস্রাধিক বৈদ্যুতিক পাংখা লগোৱা হ’ব।মছজিদটোৰ দৈর্ঘ্য আৰু প্রস্থ একেই, ১৪৪ বৰ্গফুট।

দৃষ্টিনন্দন মছজিদটোৰ ছাদৰ মূল গম্বুজৰ উচ্চতা ৮১ ফুট। এই গম্বুজৰ চাৰিওফালে ১৭ ফুট উচ্চতাৰ আৰু ২০০টা গম্বুজ নিৰ্মাণ কৰা হৈছে। মছজিদৰ চাৰি কোণত আছে ১০১ ফুট উচ্চতাৰ চাৰিটা মিনাৰ। ইয়াৰ উপৰি ৮১ ফুট উচ্চতাৰ আৰু চাৰিটা মিনাৰ ওচৰে-পাজৰে স্থাপন কৰা হৈছে।

মছজিদটোৰ উত্তৰ-পশ্চিম দিশে এটি ছয় মহলাৰ ভৱন নির্মাণ কৰা হৈছে। তাত বিনামূলীয়া হাস্পতাল, ধৰমশালা, বৃদ্ধাশ্রম, মুক্তিযোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা থাকিব।

অঞ্চলবাসীৰ প্রত্যাশা, নির্মাণ শেষ হ’লে গিনিছ ৰেকর্ড বুকত স্থান লাভ কৰিব ২০১ গম্বুজ বিশিষ্ট মছজিদটোৱে। এই বিষয়ত মুক্তিযোদ্ধা ৰফিকুল ইছলাম কল্যাণ ট্রাষ্টৰ অধ্যক্ষ ৰফিকুল ইছলামে কয়, মসজিদটোৰ ব্যয় ধাৰ্য কৰা হৈছে ১০০ কোটি টকা। বিশ্বৰ সকলো মছজিদৰ তুলনাত ইয়াৰ কাৰুকাৰ্য ভিন্ন ধৰণৰ। মছজিদটোৰ নির্মাণকাৰ্য শেষ হ’লে কাবা শ্বৰিফৰ ইমামে নামাজৰ ইমামতি কৰি ইাৰ উদ্বোধন কৰিব।

Tags: featured3
Share4Tweet3Send

Related Posts

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

by News Desk
July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

by News Desk
July 21, 2026
50
SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case
National-International

SC Orders Sonam to Surrender or Face Bail Hearing in Raghuvanshi Case

by News Desk
July 21, 2026
50
PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে
National-International

PM Modi on Protest : যুৱসকলক উচটনি নিদিব, সঠিক পথ দেখুৱাওক; নীট প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত অৱশেষত মুখ খুলিলে মোদীয়ে

by News Desk
July 21, 2026
50
Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ
National-International

Engineer suicide : ৫০ বাৰ চেষ্টা কৰিও চৰকাৰী চাকৰি নাপাই আত্মহত্যা স্বৰ্ণ পদক বিজয়ী অভিযন্তাৰ

by News Desk
July 21, 2026
50
Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক
National-International

Sikkim canel tragedy I ছিকিম সুৰংগ দুৰ্যোগত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি, এতিয়াও ভিতৰত আবদ্ধ বহু লোক

by Staff Reporter
July 21, 2026
50
ADVERTISEMENT
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
50
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ
National-International

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
50
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ
National-International

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026
50
Rare pangolin rescued in Diphu
DIPHU

Diphu Pangolin recovered : ডিফুতে দুষ্প্রাপ্য বনৰৌ উদ্ধাৰ

July 21, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

Assam flood I ভয়াৱহ বানত ৰাজ্যত এদিনতে মৃত্যু ২১ জনৰ, প্ৰায় ৫ লাখ লোক বানত আক্ৰান্ত

July 22, 2026
Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

Modi on NEET paper leak : প্ৰশ্ন ফাদিল হোৱাটো এটা মহাপাপ, ইয়াক বন্ধ কৰাৰ দায়িত্ব সমগ্ৰ দেশৰ; নীট কেলেংকাৰী সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া মোদীৰ

July 21, 2026
Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

Oppositions protest : দিল্লীত বিৰোধীৰ প্ৰতিবাদত ৰাহুল-প্ৰিয়ংকাৰ অংশগ্ৰহণ

July 21, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx