নিউজ ডেক্স:
বাংলাদেশৰ টাঙ্গাইল সদৰৰ পৰা ৩০ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশে গোপালপুৰ থানা সদৰ অৱস্থিত। তাৰ পৰা ১০ কিলোমিটাৰ উত্তৰ-পশ্চিমে নগদা শিমলা ইউনিয়নৰ দক্ষিণ পাথালিয়া গাঁৱত ২০১ গম্বুজ বিশিষ্ট মছজিদটো অৱস্থিত।
২০১৩ চনৰ জানুৱাৰী মাহত মুক্তিযোদ্ধা ৰফিকুল ইছলাম কল্যাণ ট্রাষ্টৰ উদ্যোগত মছজিদটোৰ নির্মাণ কাৰ্য আৰম্ভ হয়।নির্মাণকাৰ্যৰ উদ্বোধন কৰে মুক্তিযোদ্ধা ৰফিকুল ইছলাম কল্যাণ ট্রাষ্টৰ অধ্যক্ষ, ৰফিকুল ইছলামৰ মাতৃ ৰেজিয়া বেগমে।
নির্মাণাধীন মছজিদটোত ২০১৮ চনৰ পৰা পবিত্র ঈদৰ নামাজ আৰম্ভ হৈছে। শ্ববে বৰাত আৰু শ্ববে কদৰ উপলক্ষে মেহফিলো অনুষ্ঠিত হৈছে। মছজিদৰ বাঁও দিশে মাজাৰৰ দৰে এটি স্থপতি আছে। তাত এজন ব্যক্তিক কবৰ দিব পৰাকৈ স্থান আছে। তাতেই সমাধিস্থ হ’ব এই মছজিদটোৰ নির্মাতা মুক্তিযোদ্ধা ৰফিকুল ইছলাম।
মছজিদ সংলগ্ন দক্ষিণ-পশ্চিম দিশে ৪৫১ ফুট উচ্চতাৰ এটি বিশাল উচ্চতাৰ মিনাৰ নিৰ্মাণ কৰা হৈছে। প্রায় ৫৭ মহলাৰ উচ্চতাৰ ভৱনৰ সমান এই মিনাৰৰ ৫০ মহলা পর্যন্ত থাকিব লিফ্টৰ সুবিধা। নাম হ’ব ৰফিকুল ইছলাম টাৱাৰ। নির্মাণ শেষ হ’লে দিল্লীৰ কুতুব মিনাৰক চেৰ পেলাব ৰফিকুল টাৱাৰে। উল্লেখ্য যে কুতুব মিনাৰৰ উচ্চতা ২৪০ ফুট।মছজিদটোৰ পশ্চিমাংশত উত্তৰ-দক্ষিণে বৈ গৈছে যমুনাৰ শাখা জিনাই নদী।
ই মছজিদটোৰ সৌন্দর্যক দিছে অনন্য মাত্রা। মছজিদটোৰ উত্তৰ দিশে অৱস্থিত অজুখানা। বৃহৎ আকাৰৰ অজুখানাত বহি অজু কৰাৰ বাবে সৰু সৰু চকীৰ দৰে ১১৬খন আসন আছে। অজুখানাৰ ছাদ ছাইৰঙী ক্ষুদ্রকায় পাথৰৰ দৰে মোজাইক কৰা। তাত আছে মজলীয়া গভীৰ পানীৰ আধাৰ। সৌন্দর্য বৃদ্ধিৰ বাবে অজুখানাটি সামান্য বেঁকা কৰি নির্মাণ কৰা হৈছে।
দ্বিতীয় মহলাত প্রধান দুৱাৰখন নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে ৫০ মোন পিতল। ইয়াত একেলগে ১৫ হাজাৰ মুছল্লিয়ে নামাজ পঢ়িব পাৰিব। দুইতলাৰ এই মছজিদটো নির্মাণত ব্যৱহৃত হৈছে বিভিন্ন ধৰণৰ উন্নতমানৰ টাইলছ, যিবোৰ মিছৰৰ পৰা অনা হৈছে। মছজিদৰ অভ্যন্তৰৰ দেৱালৰ চাৰিওফালে এশাৰী টাইলছ লগোৱা হৈছে, য’ত খণ্ড খণ্ডকৈ সম্পূৰ্ণ পবিত্র কোৰান লিপিবদ্ধ।
মেহৰাবৰ কাষত মৃতদেহ ৰখাৰ বাবে শীতল ঘৰ নিৰ্মাণ কৰা হৈছে। ইয়াত থাকিব জানাজাৰ ব্যৱস্থা। প্রায় ১৫ বিঘা ভূমিৰ ওপৰত নির্মাণাধীন এই মছজিদটো সম্পূর্ণ শীততাপ নিয়ন্ত্রিত হ’লেও ইয়াত সহস্রাধিক বৈদ্যুতিক পাংখা লগোৱা হ’ব।মছজিদটোৰ দৈর্ঘ্য আৰু প্রস্থ একেই, ১৪৪ বৰ্গফুট।
দৃষ্টিনন্দন মছজিদটোৰ ছাদৰ মূল গম্বুজৰ উচ্চতা ৮১ ফুট। এই গম্বুজৰ চাৰিওফালে ১৭ ফুট উচ্চতাৰ আৰু ২০০টা গম্বুজ নিৰ্মাণ কৰা হৈছে। মছজিদৰ চাৰি কোণত আছে ১০১ ফুট উচ্চতাৰ চাৰিটা মিনাৰ। ইয়াৰ উপৰি ৮১ ফুট উচ্চতাৰ আৰু চাৰিটা মিনাৰ ওচৰে-পাজৰে স্থাপন কৰা হৈছে।
মছজিদটোৰ উত্তৰ-পশ্চিম দিশে এটি ছয় মহলাৰ ভৱন নির্মাণ কৰা হৈছে। তাত বিনামূলীয়া হাস্পতাল, ধৰমশালা, বৃদ্ধাশ্রম, মুক্তিযোদ্ধা আৰু তেওঁলোকৰ পৰিয়ালৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা থাকিব।
অঞ্চলবাসীৰ প্রত্যাশা, নির্মাণ শেষ হ’লে গিনিছ ৰেকর্ড বুকত স্থান লাভ কৰিব ২০১ গম্বুজ বিশিষ্ট মছজিদটোৱে। এই বিষয়ত মুক্তিযোদ্ধা ৰফিকুল ইছলাম কল্যাণ ট্রাষ্টৰ অধ্যক্ষ ৰফিকুল ইছলামে কয়, মসজিদটোৰ ব্যয় ধাৰ্য কৰা হৈছে ১০০ কোটি টকা। বিশ্বৰ সকলো মছজিদৰ তুলনাত ইয়াৰ কাৰুকাৰ্য ভিন্ন ধৰণৰ। মছজিদটোৰ নির্মাণকাৰ্য শেষ হ’লে কাবা শ্বৰিফৰ ইমামে নামাজৰ ইমামতি কৰি ইাৰ উদ্বোধন কৰিব।