ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও : নগাঁৱৰ বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডাঃ শ্ৰীৰাম ম’ৰ(৭৪) ৰ আজি পুৱা সাত বজাত গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত পৰলোকপ্ৰাপ্তি ঘটে । জানিব পৰা মতে কৰ’নাত আক্ৰান্ত হৈ বিশিষ্ট চিকিৎসকগৰাকী বিগত ২২ দিন ধৰি গুৱাহাটীৰ এপল’ হাস্পতালত চিকিৎসাধীন হৈ আছিল।
গুৱাহাটীৰ এপল’ হাস্পতালত প্ৰথম অৱস্থাত ডা: ম’ৰৰ আৰ টি পি চি আৰ টেষ্ট কৰোৱাত কোভিড-১৯ ৰ অৱস্থিতি ধৰা পৰে যদিও চিকিৎসাৰ অন্তত পৰৱৰ্তী সময়ত সম্পন্ন কৰা পৰীক্ষাত তেওঁৰ কোভিড নিগেটিভ ওলায়।
কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা সময়তে তেওঁক প্লাজমা থেৰাপিও দিয়া হৈছিল।আনহাতে কৰ’নাৰ বিৰুদ্ধে দীঘলীয়া যুঁজ কৰি জয়ী হ’লেও পৰৱর্তী পর্যায়ত তেওঁৰ হাওঁফাওঁত সংক্ৰমণ হয়। হাওঁফাওঁত হোৱা সংক্ৰমণে পিছলৈ জটিল ৰূপ ধাৰণ কৰে। চিকিৎসালয় খনৰ আই চি ইউত চিকিৎসাধীন অৱস্থাতে আজি পুৱা চিকিৎসক গৰাকীৰ মৃত্যু হয়।
বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডাঃ শ্ৰীৰাম ম’ৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে নগাঁৱত শোকৰ ছাঁ পৰে।১৯৪৬ চনত নগাঁও চহৰৰ হয়বৰগাঁৱত জন্ম লাভ কৰা ডা: শ্ৰীৰাম ম’ৰে নগাঁও চহৰতে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পাছত হয়বৰগাঁও হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰে।
পাছত কটন কলেজৰ পৰা আই এছ চি পৰীক্ষাত উত্তীৰ্ণ হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত নাম ভৰ্তি কৰে। অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা তেওঁ এম বি বি এছ আৰু পৰৱৰ্তী সময়ত মিডিচিন বিভাগত পিজি ডিগ্ৰী লাভ কৰে। চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰাৰ পাছতেই তেওঁ চৰকাৰী চিকিৎসক হিচাপে নগাঁও আৰু ধুবুৰী জিলাত কিছুদিন সেৱা আগবঢ়ায়।
পিছত তেওঁ চৰকাৰী চাকৰিৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰি নগাঁও চহৰৰ হয়বৰগাঁৱত এখন ক্লিনিক খুলি চিকিৎসা সেৱা আৰম্ভ কৰে। মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক হিচাপে তেওঁ গৃহ চহৰ নগাঁৱৰ লগতে মধ্য অসমৰ মৰিগাঁও, হোজাই, কাৰ্বিআংলং, ডিমাহাচাও জিলাৰ ৰাইজৰ মাজত অতি আস্থাভাজন আছিল।তেওঁ দৰিদ্ৰ ৰোগীক সহায়ৰ হাত আগবঢ়াইছিল।
পৰৱৰ্তী সময়ত তেওঁ নগাঁও চহৰতে”জি ডি নাৰ্ছিংহোম”নামৰ এখন ব্যক্তিগত চিকিৎসালয় স্থাপন কৰি ক্লিনিকৰ সামন্তৰালকৈ নাৰ্ছিংহোম খনতো চিকিৎসা সেৱা আৰম্ভ কৰে।জিলাখনৰ মাৰোৱাৰী সমাজৰ লগতে অন্যান্য ভালেমান সামাজিক-ধৰ্মীয় অনুষ্ঠানৰ সৈতে ডাঃ ম’ৰ নিবিড়ভাৱে জড়িত আছিল।
তেওঁ অসম সাহিত্য সভাৰ আজীৱন সদস্য আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰো সদস্য আছিল। মৃত্যুৰ সময়ত চিকিৎসকগৰাকীয়ে পত্নী, একমাত্ৰ পুত্ৰ আৰু এগৰাকী কন্যা সহ ভালেসংখ্যক আত্মীয়ক ইহ সংসাৰত এৰি থৈ যায়।













