ষ্টাফ ৰিপ’ৰ্টাৰ:
বোকাখাত : যোৱা পহিলা অক্টোবৰ তাৰিখে বোকাখাত প্ৰশাসনৰ উদ্যোগত আৰু বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগত গান্ধী জয়ন্তী উপলক্ষ্যে এখনি ৱেবিনাৰ সম্পন্ন হয়।
ৱেবিনাৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° কৌস্তভ কুমাৰ ডেকাই ‘বৰ্তমান সময়ত গান্ধীবাদী চিন্তাৰ প্ৰাসংগিকতাঃ আত্মনিৰ্ভৰশীলতাৰ আহ্বান’ শীৰ্ষক আলোচনাচক্ৰত ভাগ লয়। সন্মিলন খনিত অসমৰ বিভিন্ন অঞ্চলৰ ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ উপৰিও স্থানীয় বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। ৱেবিনাৰখনিৰ আৰম্ভণিতে বোকাখাতৰ মহকুমা তথ্য আৰু জনসংযোগ বিষয়া মামন বৰকটকীয়ে আদৰণি ভাষণ প্ৰদান কৰে।
ইয়াৰ পাছতে ভাষণ প্ৰদান কৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মূৰব্বী অধ্যাপক শান্তিছায়া বৰুৱাই, সন্মিলনৰ আঁত ধৰে সমন্বয়ক শশাংক ধৱল শইকীয়াই।
সন্মিলনত বিভাগীয় শিক্ষক ক্ৰমে নন্দিতা কাকতি, নগেন্দ্ৰনাথ নায়ক, প্ৰশান্ত শইকীয়া, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড° কন্দৰ্প ডেকা, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° কৰবী ডেকা হাজৰিকাই বক্তব্য প্ৰদান কৰে। বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক শশাংক ধৱল শইকীয়াই শলাগ জ্ঞাপন কৰে।













