ষ্টাফ ৰিপ’ৰ্টাৰ:
অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত বুধবাৰে অনুষ্ঠিত হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠক লোৱা হয় বহুকেইটা সিদ্ধান্ত ।বিটিচি পৰিষদীয় নিৰ্বাচন চলিত বৰ্ষ ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা বাবে নিৰ্বাচন আয়োগক আহ্বান জনোৱা সিদ্ধান্ত বৈঠকত গ্ৰহণ কৰা হয়।
ষষ্ঠ অনুসূচীৰ এলেকা বাহিৰৰ বড়ো জনবসতিপ্ৰধান গাঁওসমূহক সামৰি বড়ো-কছাৰী ৱেলফেয়াৰ অটনমাছ কাউন্সিল গঠনৰ অধ্যাদেশত অনুমোদন জনোৱা হয়।
অসমত বড়ো ভাষাক চৰকাৰী সহযোগী ভাষা হিচাপে অধ্যাদেশ জড়িয়তে স্বীকৃত দিয়া সিদ্ধান্ত গ্ৰহণ।
বিটিআৰ কৰ্তৃপক্ষক অঞ্চলতো নাম ফলকসমূহত বড়ো আৰু ইংৰাজী ভাষাৰ লগতে অসমীয়া ভাষা প্ৰয়োগ কৰা ব্যৱস্থা লবলৈ আহ্বান।
অসম চৰকাৰৰ নিযুক্তি পৰীক্ষা সমূহ অনুষ্ঠিত কৰা বাবে এতিয়া পৰা ব্যক্তিগত সন্থাক দিয়া সলনি বিভাগে নিজাকৈ অথবা ৰাজ্যিক বা কেন্দ্ৰীয় বিশ্ববিদ্যালয় সমূহক অনুষ্ঠিত কৰিবলৈ দিব পাৰিব।
চাহ বাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত ৰাজ্য ৪২৮ খন বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ বাবে দে বৰ্ডিং আৰু বিনামূলীয়া ইউনিফৰ্ম প্ৰদান কৰিব।
ৰাজ্যখনৰ উন্নয়ন পৰিষদৰ সদস্যৰ সংখ্যা ন্যূনতম ২৫ৰ পৰা সৰ্বোচ্চ ৪৫লৈ বৃদ্ধিৰ অনুমোদন জনায়।
মাজুলীত বন বিভাগৰ দুটা নতুন ৰেঞ্জ আৰু চাৰিটা বীট অফিচ স্থাপন হ’ব।
গাওঁবুঢ়াৰ দৰমহা চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা ৯০০০লৈ বৃদ্ধি পাব।বৰ্তমান ৬৫০০টকা লাভ কৰিছিল।
অসম চৰকাৰৰ মহাধিবক্তাক কেবিনেট মৰ্যদা প্ৰদান।
বিস্তাৰিত কনকলতা মহিলা সৱলীকৰণ যোজনাৰ অধীনত যোগ্য মহিলা আত্ম-সহায়ক গোট সমুহলৈ ৫০ হাজাৰ টকালৈ প্ৰদান কৰিব ৰাজসাহায্য।
ৰাজ্য ৪৫৩৪ গৰাকী অনিয়মীয়া শিক্ষকৰ পদ নিয়মীয়া কৰা হয় কেবিনেট বৈঠকত।
উল্লেখ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহৰ কথা সংবাদ মাধ্যমৰ আগত অৱগত কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।













