ষ্টাফ ৰিপ’ৰ্টাৰ:
নগাঁও: লকডাউনৰ সময়চোৱাত দেশৰ বিভিন্ন ৰাজ্যৰ পৰা গৃহভূমি অসমলৈ উভতি অহা শ্রমিকক সংস্থাপনৰ বাবে নগাঁও মহাবিদ্যালয়ৰ এন. এছ. এছ আৰু আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ উদ্যোগত আৰু উদ্ভিদ বিজ্ঞান বিভাগ, প্ৰাণী বিজ্ঞান বিভাগ আৰু উন্নত ভাৰত অভিযান কোষৰ সহযোগত আলংকাৰিক মৎস্য পালন, একুৰিয়াম নিৰ্মাণ, কাঠফুলাৰ খেতি, কেঁচু সাৰ উৎপাদন আৰু ব্যবসায়ৰ বাবে মাহজোৰা এক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ।
প্ৰথম পৰ্যায়ত ১২ গৰাকী প্ৰব্ৰজিত শ্ৰমিকক উদ্ভিদ আৰু প্ৰাণী বিজ্ঞান বিভাগৰ অধ্যাপক-অধ্যাপিকা সকলৰ লগতে আলংকাৰিক মাছৰ যুৱ ব্যবসায়ী, নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ পাৰ্থৰথী হাজৰিকাই প্ৰশিক্ষণ প্ৰদান কৰে।
উল্লেখ্য যে, উক্ত প্ৰশিক্ষণ কাৰ্যসূচীত নগাঁও জিলাৰ মীন বিষয়া ড০ ৰমেন চন্দ্র বৰ্মনে মীন বিভাগৰ বিভিন্ন আঁচনিৰ বিষয়ে প্ৰশিক্ষাৰ্থীসকলক বিশদভাবে বিৱৰণ দাঙি ধৰাৰ লগতে ভাৰতীয় ষ্টেট বেংকৰ বিষয়াই বেংকৰ পৰা প্ৰশিক্ষাৰ্থীসকলে লাভ কৰিব পৰা সাহাৰ্য আৰু ঋণৰ বিষয়ে অৱগত কৰে।
প্ৰশিক্ষণৰ অন্তত আজি প্ৰশিক্ষিত শ্ৰমিক সকলক মানপত্ৰ প্ৰদান কৰা হয় । পাঠ্যক্ৰমৰ সমন্বয়ক তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰকল্প বিষয়া ড০ ভূৱন চন্দ্র চুতীয়াই আঁত ধৰা মানপত্ৰ প্ৰদান অনুষ্ঠানত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে আদৰনি ভাষন প্ৰদান কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই নগাঁও মহাবিদ্যালয়ৰ এই ব্যতিক্রমী প্ৰয়াসক প্ৰশংসা কৰাৰ লগতে প্ৰশিক্ষাৰ্থীসকলক মান পত্ৰ প্ৰদান কৰে।
বিধায়ক শৰ্মাই বহিঃ ৰাজ্যৰ পৰা নিজ গৃহলৈ ঘূৰি অহা শ্রমিকৰ সংস্থাপনে ৰাজ্যখনৰ অৰ্থনৈতিক ভেঁটি সবল কৰাৰ লগতে আত্ম নিৰ্ভৰ অসম গঢ়াত সহায় কৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানত প্ৰশিক্ষিত শ্ৰমিক ৰাজীৱ বৰাই নগাঁও মহাবিদ্যালয়ৰ এনে প্ৰয়াসক প্ৰশংসা কৰে আৰু আলংকাৰিক মৎস্য পালনৰ যোগেদি স্বাৱলম্বনৰ পথ দেখা ফোৱা বুলি মত ব্যক্ত কৰে।
অনুষ্ঠানত অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি বিশ্বজিৎ ভূঞা, উপাধ্যক্ষ ড০ ৰঞ্জন ভৰালী, আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ কৃষ্ণকান্ত মেধী, প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ললিত গগৈ আৰু অধ্যাপক অধ্যাপিকাসকলৰ লগতে ভালেসংখ্যক সংখ্যক এন, এছ, এছ স্বেচ্ছাসেৱক উপস্থিত থাকে।













