ষ্টাফ ৰিপ’ৰ্টাৰ:
উত্তৰ গুৱাহাটীৰ এক চাঞ্চল্যকৰ ঘটনাই কপাঁইছে ৰাজ্য। আপুনিও হওঁক সতৰ্ক; ১৫ দিনৰ ফেচবুক প্ৰেমে হ’ল কাল। ৰাজস্থানৰ জয়পুৰৰ জয় কৃষ্ণ কুমাৰ নামৰ এজন যুৱকৰ প্ৰেমৰ মিছা প্ৰতিশ্ৰুতি দি কাহানিও নেদেখা এগৰাকী ১৯ বছৰীয়া যুৱতীক পলুৱাই নিবলৈ ওলাওতে হাতে-লোতে ধৰা পৰে যুৱকজন।
নিবিড় সম্পৰ্কৰে গঢ় দিয়া তেওঁলোকৰ প্ৰেমক এক নাম দিবলৈ যুৱক আহি উপস্থিত হয় প্ৰেয়সীৰ ঠিকনানুসৰি উত্তৰ গুৱাহাটীৰ কলেজৰ কাষত। যুগ্ম জীৱনৰ পাতনি মেলা উদ্দেশ্যৰে পলুৱাই নিবলৈ চেষ্টা কৰাত নাৰী সৰবৰাহকাৰী বুলি চিনাক্ত কৰা হয় যুৱকক; কিন্তু যুৱক জনৰ ভাষ্যনুসৰি তেওঁলোকৰ দৰকাৰী নথি-পত্ৰ নথকা বাবেই হেনো বিবাহ পাশত আৱদ্ধ হ’ব নোৱাৰিলে তেওঁলোক।
আনহাতে উত্তৰ গুৱাহাটীৰ ১৯বছৰীয়া যুৱতী গৰাকীৰ পৰিয়ালৰ পৰা দিয়া গোচৰ ভিত্তিত আৰক্ষীৰ তৎপৰতা যুৱক-যুৱতী হালক পল্টন বজাৰৰ পৰা উত্তৰ গুৱাহাটী আৰক্ষীয়ে কৰায়ত্ব কৰে।এই সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীয়ে ১১১/২০২০ আইপিচি ৩৬৬ ধাৰাৰ অধীনত এটি গোচৰ ৰুজু কৰি যুৱকজনক ৰঙা ঘৰলৈ প্ৰেৰণ কৰিছে।
উত্তৰ গুৱাহাটী আৰক্ষীৰ এয়া এক বৃহৎ সফলতা সময় থাকোতেই যুৱকজনক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা বাবে ছোৱালীজনী উদ্ধাৰ হ’ল। অন্যথা যুৱতী জীৱনলৈ নামি আহিল হয় দুৰ্যোগ। বৰ্তমান যুৱতী গৰাকী সুৰক্ষিত। আৰক্ষী মানৱ দেহ সৰবৰাহকাৰী লগতে আন সকলো দিশৰ ওপৰত তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে। যুৱকগৰকী বৰ্তমান ৰঙাঘৰৰ আলহী।













