ষ্টাফ ৰিপ’ৰ্টাৰ:
দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত বহিষ্কাৰ কৰা হ’ল কংগ্ৰেছ দলৰ লক্ষীমপুৰ সমষ্টিৰ বিধায়ক ৰাজদ্বীপ গোৱালা আৰু বৰখলা সমষ্টিৰ প্ৰাক্তন বিধায়কা ৰুমী নাথ। অহা ছয়টা বছৰৰ বাবে দুয়োগৰাকী বিধায়কক বহিষ্কৃত কৰা হয় দলৰ পৰা।
ত্ৰয়োদশ বিধান সভাত উপনিৰ্বাচনৰ জৰিয়তে বিধায়ক হোৱা ৰাজদ্বীপৰ আছিল এইটো তেওঁৰ বিধান সভাৰ দ্বিতীয়টো বৰ্ষ।
১৯৮৩ চনৰ পৰা বৰ্তমানলৈ কংগ্ৰেছৰ গোৱালা পৰিয়ালৰ দখলত আছিল বৰাক উপত্যকাৰ লক্ষিপুৰ সমষ্টি। প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী দিনেশ প্ৰসাদ গোৱাল পুত্ৰ দুবাৰৰ বিধায়ক ৰাজদ্বীপ গোৱালা।













