নিউজ ডেক্স:
এটা ভিডিঅ’ প্ৰস্তুতৰ বাবে থকা হেঁপাহৰ বাবেই মৃত্যুক আকোঁৱালি ল’ব লগা এজন অসমীয়া প্ৰতিভাৱান যুৱকে।নগাওঁৰ পৰা গৈ সুদুৰ কানাডাৰ চেইন্ট থমাছ বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৰণ্যম বৰা আছিল চুপাৰমেন সদৃশ। যুৱকজনকৰ সাহসৰ বহুল চৰ্চা হোৱাৰ উপৰিও বিশ্ববিদ্যালয়ৰ প্ৰবক্তা সকলৰে সৈতে অৰণ্যমৰ চলিছিল শৰীৰ চৰ্চা, গীত-নৃত্যৰ উপৰিও চলিছিল যাদু প্ৰদৰ্শন।
জনপ্ৰিয় অৰণ্যম গণসংযোগ আৰু ৰাজনীতি বিজ্ঞান বিভাগৰ ছাত্ৰ আছিল। যুৱক গৰাকীৰ প্ৰেয়সী মিলি স্কোৱাৰকো অসমৰ বোৱাৰী ৰূপে স্বীকৃতি দিয়াৰ অৰণ্যমে ইচ্ছা কৰিছিল যদিও নিষ্ঠুৰ নিঁয়তিৰ পৰিহাস। কানাডাৰ মেকাটুৱেক নদী ক্লিফ ডাইফিং কৰিবলৈ যাওঁতেই মৃত্যুক সাৱটি ল’বলগীয়া হয় যুৱকজনে।
ইয়াৰ পূৰ্বেও লগৰীয়াৰ লগত ২৫ ডলাৰৰ বাজি লগাই ইয়াতকৈও উচ্চতাৰ দলঙৰ পৰা নদীত ক্লিফ ডাইভিং কৰি সকলোকে চমক দিছিল অৰণ্যমে। কিন্তু ২৩ছেপ্তেম্বৰৰ দিনটোত মৃত্যুৱে যেন হাত বাউলি মাতিছিল অৰণ্যমক।
আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সন্মুখত মিলিয়ে দিয়া ভাষ্য অনুসৰি অৰণ্যমে মিলিক প্ৰতিমুহুৰ্ততে ফোন কৰি খবৰ লৈছিল। কিন্তু ২৩ ছেপ্তেম্বৰত মিলিৰ ফোন উঠোৱা নাছিল অৰণ্যমে। ২৪ ছেপ্তেম্বৰত অৰণ্যমৰ সৈতে যোৱা বন্ধুয়ে মিলিক জনাইছিল সেই দু:সংবাদ। ইয়াৰ পিছতে শোকত ভাগি পৰিছিল মিলিৰ লগতে ছেইণ্ট থমাছ বিশ্ববিদ্যালয়ৰ পৰিয়ালবৰ্গ।
অৱশেষত আজি কানাডাৰ পৰা নগাওঁ পালেহি অৰণ্যমৰ মৃতদেহ। প্ৰকৃতি ভালপোৱা অৰণ্যমৰ বাবে পিতৃয়ে নগাঁৱৰ কঠিয়াতলিত নিৰ্মাণ কৰিছিল এক কৃষিপাম। পুত্ৰক ভাৰতলৈ আহিলে এই কৃষিপামখন উপহাৰ দিয়াৰ মানসৰে গোপনে সেই পাম খন সুন্দৰকৈ সজাই-পৰাই তুলিছিল পিতৃয়ে। পিছে সেই কৃষিপামতে আজি অন্তিম সৎকাৰ কৰা হ’ল অৰণ্যমক।













