ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰকিবুল হুছেইনৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ফুলগুৰি ৰেল ষ্টেচনৰ সমীপত আজি বিয়লি নগাঁৱৰ পৰা গুৱাহাটীলৈ বুলি গৈ থকাৰ সময়তে এক দূৰ্ঘটনা পতিত হয় প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন।
জানিব পৰা মতে ফুলগুৰি চেনিমিলৰ সন্মুখত পোৱাৰ সময়তে ডিভাইডাৰ পাৰ হৈ এজনী গাইগৰু ৰাষ্ট্ৰীয় ৩৭ নং ঘাইপথৰ মাজেদি পাৰ হ’বলৈ চেষ্টা কৰোতে প্ৰাক্তন মন্ত্ৰীজনৰ এ এচ ০১বি জেড-০৭৮৬ নম্বৰৰ ইন’ভা চলন্ত গাড়ীখনৰ সন্মুখত পৰে।
ফলত বাহনখনে গৰুজনীক খুন্দিয়া যদিও চালক জনে অতি কৌশলেৰে বাহনখন ৰাখিবলৈ সক্ষম হয়। দুৰ্ঘটনাটোত বাহনখনৰ সন্মূখভাগটো যথেষ্ট ক্ষতিসাধন হোৱাৰ লগতে চালকজনো আঘাত প্ৰাপ্ত হয়।
চালকজনক ততালিকে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে প্ৰাক্তনমন্ত্ৰী গৰাকীয়ে ভৰিত আঘাত পায় যদিও বিপদমুক্ত বুলি নিশ্চিত হৈ গুৱাহাটীলৈ ৰাওনা হয়।













