ষ্টাফ ৰিপ’ৰ্টাৰ:
যোৰহাট আৰক্ষীৰ জালত ভূৱা চিবি আই অফিচাৰ। হোটেলত কাম কৰি থকা এটা ল’ৰাই নিজকে চিবি আইঅফিচাৰ বুলি চিনাকী দি এগৰাকী মহিলাক প্ৰৱঞ্চনাৰে নিজৰ প্ৰেমৰ জালত পেলায়।
মহিলা গৰাকীক পলুৱাই নিয়াৰ চেষ্টা কৰোতেই আৰক্ষীয়ে কৌশলেৰে শনিবাৰে নিশা আটক কৰে ভূৱা চিবি আই অফিচাৰটোক। আটকাধীন যুৱক জনৰ নাম হৈছে পশ্চিমবংগৰ গোবিন্দপুৰৰ উত্তৰ বাৰেলীৰকুৰৰ মাৰ্গৰ জয়ন্ত কৰ। নিজৰ ঘৰ বেংগালুৰুত বুলি কোৱা এই যুৱকজনে ৭০ হাজাৰ টকা নিজৰ দৰমহা বুলি কয় “লক-ডাউন” ৰ সময়তে মহিলাগৰাকীৰ সৈতে গঢ় দিছিল প্ৰেমৰ সম্পৰ্ক।
“পশ্চিমবঙ্গৰ এই যুৱকজনে নিজকে চিবিআই বিষয়া বুলি ভুৱা পৰিচয় দি যোৰহাটৰ মহিলাগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। শনিবাৰে মহিলাগৰাকীক লৈ যাবলৈ আহিছিল এখন হোটেলত কাম কৰা এই লৰাজনে।
মহিলা গৰাকীৰ পৰিয়ালৰ লোকৰ সন্দেহ হোৱাত আমাক জনালে আৰু আমি লগে লগেই যুৱকজনক কৰায়ত্ত কৰো। যুৱকজনৰ প্ৰকৃত নাম জয়ন্ত কৰ। কিন্তু নিজকে ৰাজদ্বীপ অবেৰয় বুলি ভুৱা পৰিচয় দি আহিছিল যুৱকজনে। “, যোৰহাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনন্ত দাসে এনেদৰে কয়।













