
নিউজ ডেস্কঃ
কৰ’না ভাইৰাছ সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠানবোৰ বন্ধ থকাত ভাৰতীয় অর্থনীতিত প্রায় ৪০ হাজাৰ কোটি ডলাৰ ক্ষতি হ’ব পাৰে বুলি বিশ্ব বেংকৰ এটা ৰিপৰ্টত প্ৰকাশ৷ ভাৰতীয় টকাত এই অংকটো ২৯ লাখ কোটি টকা হ’ব ৷ ‘বিটেন অৰ ব্ৰোকেন? ইনফৰমেলিটি এণ্ড ক’ভিড-১৯ ইন ছাউথ এছিয়া’ শীর্ষক ৰিপৰ্টত বিশ্ব বেংকে আজি প্ৰকাশ কৰে৷ সেই ৰিপৰ্টৰ বক্তব্য, মহামাৰীৰ বাবে দক্ষিণ এছিয়াত অভূতপর্ব আর্থিক মন্দা আহিছে ৷ ‘এই মন্দাৰ প্ৰভাৱ দীৰ্ঘস্থায়ী হ’ব ৷ সহজে ইয়াক উঠাবলৈ সম্ভৱ নহয় ৷
ৰিপৰ্টটোৰ বক্তব্য, মহামাৰীত বিদ্যালয় বন্ধ থকাত সামগ্রিকভাৱে দক্ষিণ এছিয়াৰ প্ৰায় ৬২,২০০ কোটি ডলাৰ ক্ষতি হ’ব৷ আনকি সেয়া ৮৮,০০০ কোটিও চুবগৈ পাৰে৷ এই ক্ষতিৰ বৃহৎ অংশ হ’ব ভাৰতৰ৷ সকলো দেশতে জিডিপিৰ প্ৰভাৱ পৰিছে৷ বিশ্ব বেংকৰ বিশেষজ্ঞৰ মতে, ক’ভিডৰ সময়ত অধিকাংশ দেশে মাৰ্চ মাহৰ পৰা বিদ্যালয় বন্ধ ৰাখিছে৷ ৰিপৰ্টত উল্লেখ কৰা মতে এই প্ৰভাৱ পৰিব উপাৰ্জনৰ ক্ষেত্ৰত৷










