নিউজ ডেক্স:
টীকাৰ মাধ্যমেৰে ক’ৰোনা ভাইৰাছ ৰোধাৰ চেষ্টা চলিছে বিশ্বজুৰি৷ দক্ষিণ আমেৰিকাৰ এটি প্রাণীয়ে এই ক্ষেত্রত মানুহক সংক্রমণ মোকাবিলাত বিশেষভাবে সহায় কৰিব পাৰে বুলি জনা গৈছে৷ উটৰ সমগোত্রীয় এই প্রাণীবিধ দক্ষিণ আমেৰিকাৰ লামা।
নির্দিষ্টকৈ যিটো লামাৰ কথা ইয়াত কোৱা হৈছে, তাৰ জন্ম হৈছিল চাৰি বছৰ পূর্বে জানুৱাৰী মাহত। তাৰ নাম ৰখা হৈছিল ‘উইণ্টাৰ’৷ বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে গৱেষণাৰ স্বার্থত সেই প্ৰাণীবিধৰ শৰীৰৰ পৰা ৰক্ত সংগ্রহ কৰিছিল৷ পিছত বিজ্ঞানীসকলে আশ্চর্য হৈ দেখে, লামাটিৰ ৰক্তত আছে এন্টিবডি! এই কামটোৰ সৈতে সংযুক্ত মলিকিউলাৰ ভাইৰলজিষ্টে কয়, ‘লামাটিৰ ৰক্ত ৰহস্য হ’ল এন্টিবডি৷ এই এন্টিবডি অত্যন্ত শক্তিশালী৷ সি বেছি কার্যকৰীভাবেই ভাইৰাছৰ মোকাবিলা কৰিব পাৰিব৷’
উক্ত মলিকিউলাৰ ভাইৰলজিষ্টৰ দলটোৱে সাফল্যৰে লামা আৰু মানুহৰ এন্টিবডিৰ মাজত যোগাযোগ স্থাপন কৰিব পাৰিছে৷ বিষয়টো ব্যাখ্যা কৰি তেওঁলোকে কয়, ‘লামাৰ এন্টিবডি ক’ৰোনা ভাইৰাছৰ শীর্ষ অংশৰ সৈতে সংযুক্ত হয়৷ তেতিয়া ভাইৰাছ আৰু মানুহৰ কোষৰ সৈতে যুক্ত হ’ব নোৱাৰে। ফলত কোনো সংক্রমণও নঘটে৷ ভাইৰাছ নিষ্ক্রিয় হৈ থাকে৷’
গৱেষণাৰ ফলাফল যথেষ্ট সম্ভাবনাময়৷ সকলো ঠিকে চলিলে অহা বছৰতেই লামাৰ এই ‘এক্টিভ ইনগ্রেডিয়েন্ট’ বজাৰলৈ আহিব৷ তেতিয়া সমগ্ৰ বিশ্বৰ ক’ৰোনা গৱেষকসকলৰ ওচৰত শ্ৰেষ্ঠ তাৰকা হৈ উঠিব ‘উইণ্টাৰ’ নামৰ এই আশ্চর্যকৰ লামাটি৷